২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজন। ছিজনৰ প্ৰথমখন মেচ আৰচিবি আৰু কেকেআৰৰ মাজত অনুষ্ঠিত হ’ব। ছিজনৰ আৰম্ভণিৰ পূৰ্বে হ’ব আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত দেখা পোৱা যাব বলীউডৰ বহু নামী দামী তাৰকাক।
এইবাৰৰ উদ্বোধনী অনুষ্ঠানত শ্ৰেয়া ঘোষালে সংগীতানুষ্ঠান আৰু দিশা পাটনানীয়ে নৃত্য পৰিৱেশন কৰিব বুলি বিচিচিআইৰ তৰফৰ পৰা জনোৱা হৈছে।
আই পি এলৰ তৰফৰ পৰা শ্ৰেয়া ঘোষাল সম্বলিত এখন ফটো এক্সযোগে শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, শ্ৰেয়া ঘোষালে হিন্দীৰ লগতে আন কেইবাটাও আঞ্চলিক ভাষাত গীত গাইছে।
জানিব পৰা অনুসৰি, আই পি এলৰ উদ্বোধনী অনুষ্ঠান মেচৰ পূৰ্বে অৰ্থাত ২২ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব।