আৰু কেইঘণ্টামানৰ পিছতেই আৰম্ভ হ’ব বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ ১৮ সংখ্যক ছিজন। টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লাখ লাখ অনুৰাগীৰ পচন্দৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই ৰোমাঞ্চকৰ মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন ষ্টেডিয়ামত।
টুৰ্ণামেণ্টখন আৰম্ভ হোৱাৰ পূৰ্বে দেশৰ লগতে বিদেশৰ কেইবাগৰাকীও ক্ৰিকেট বিশেষজ্ঞই নিজৰ মত ব্যক্তি কৰিছে। কেৱল এয়াই নহয় কেইবাজনো ক্ৰিকেটাৰে এইবাৰৰ টুৰ্ণামেণ্টত কোন চাৰিটা দলে প্লে অফত স্থান নিশ্চিত কৰিব সেয়াও ভৱিষতবাণী কৰিছে।
কোন কোন বিশেষজ্ঞৰ কোন চাৰিটা দল প্ৰথম পচন্দ
বিৰেন্দ্ৰ সেহৱাগ- মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাৱ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ
এডাম গীলক্ৰিষ্ট- পঞ্জাৱ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ
ৰোহন গাভাস্কাৰ-ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ
হৰ্ষ ভোগলেঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।
শ্বন পলকঃ মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছ।
মনোজ তিৱাৰীঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাব কিংছ, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ।
ছাইমন ডিউল : চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছ।
মাইকেল ভন : গুজৰাট টাইটানছ, মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছ।