অপাৰেশ্যন সিন্দূৰৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এভিয়েশ্যন ৰিচাৰ্ছ চেণ্টাৰ (এ আৰ চি)ৰ প্ৰধান পৰাগ জৈনক কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বৈদেশিক গুপ্তচৰ সংস্থা ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং (R&AW)ৰ নতুন মুৰব্বী হিচাপে নিযুক্তি প্ৰদান কৰিছে।
১৯৮৯ বৰ্ষৰ পঞ্জাৱ কেডাৰৰ আই পি এছ পৰাগ জৈনে দীৰ্ঘ সময় ধৰি কেবিনেট সচিবালয়ত কাৰ্যনিৰ্বাহ কৰি আছিল।
উল্লেখ্য যে দেশৰ সৰ্ববৃহত গুপ্তচৰ সংস্থা ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং (R&AW)ৰ বৰ্তমানৰ মুৰব্বী ৰবি সিনহাই চলিত মাহৰ ৩০ তাৰিখে অৱসৰ গ্ৰহণ কৰিব। সেয়ে তেওঁৰ ঠাইত এতিয়া এই সংস্থাটোৰ গুৰু দায়িত্ব প্ৰদান কৰিছে আই পি এছ পৰাগ জৈনক।
উল্লেখ্য যে, অপাৰেশ্যন সিন্দূৰৰ সময়ত এ আৰ চিয়ে ভাৰতীয় বায়ুসেনাক পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানৰ সঠিক তথ্য প্ৰদান কৰিছিল। এই সন্ত্ৰাসবাদী স্থানসমূহৰ ভিতৰত আছিল সন্ত্ৰাসবাদী সংগঠন জৈইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়।
পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে)ত থকা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিৰ তথ্যও এ আৰ চিয়ে প্ৰদান কৰিছিল।