মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বিশ্ববাসীৰ বাবে বৰ্তমান চিন্তানীয় বিষয় হৈ পৰিছে। ইৰাণৰ হিংসাত্মক প্ৰতিবাদত বহু লোকৰ প্ৰাণহানি হৈছে। ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ ক্ষীপ্ৰতাৰে হিংসাত্মক ৰূপত পৰিণত হৈছে।
এই প্ৰতিবাদৰ প্ৰধান কাৰণ হৈছে খামেনেই চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু ইৰাণৰ মুদ্ৰা দুৰ্বল হৈ পৰা। অর্থনৈতিক পৰিস্থিতি সংকটজনক নিম্ন বিন্দুত উপনীত হৈছে৷ ফলত জনসাধাৰণৰ এক বৃহৎ অংশই ৰাজপথলৈ ওলাই আহি শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধৰ্মীয় শাসনৰ অন্ত পেলোৱাৰ দাবী ব্যাপক হৈ পৰিছে।
ইৰাণৰ এজন বিষয়াই শেহতীয়াকৈ উল্লেখ কৰিছে যে এই প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ৫০০ জন নিৰাপত্তাৰক্ষীকে ধৰি ৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। ১৯৭৯ চনৰ পিছত ইৰাণে আটাইতকৈ অশান্ত পৰিস্থিতিৰ সন্মুখীন হৈছে।
এই হিংসাত্মক প্ৰতিবাদৰ বাবে চৰকাৰে সন্ত্ৰাসবাদী আৰু সশস্ত্ৰ প্ৰতিবাদকাৰীক জগৰীয়া কৰিছে। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণত প্ৰত্যক্ষ হস্তক্ষেপৰ আহ্বান জনাই স্পষ্ট সতৰ্কবাণী জাৰি কৰি প্ৰতিবাদকাৰীক হত্যা আৰু গণহত্যাৰ বিৰুদ্ধে ইৰাণক সকীয়াই দিছে।
ইফালে আকৌ ৰাষ্ট্ৰপতি আয়াতুল্লাহ আলী খামেনেই ইৰাণে যুদ্ধ নিবিচাৰে বুলি উল্লেখ কৰিছে। দোষীক নিশ্চয় শাস্তি দিয়া হ’ব। তদুপৰি ইৰাণৰ ন্যায়পালিকাই অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িতসকলক ফাঁচী দিয়াৰ সম্ভাৱনাও প্ৰকাশ কৰিছে। ইৰাণত নতুন নেতৃত্বৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ট্ৰাম্পে। এই প্ৰতিবাদৰ সময়ত ইজৰাইল আৰু আমেৰিকাই হিংসাত্মক পৰিস্থিতিৰ আয়োজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে খামেনেই।
মানৱ অধিকাৰ সংস্থা HRANA য়ে জনাইছে যে এতিয়ালৈকে ৩,৩০৮ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ২৪,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কুৰ্দি প্ৰধান উত্তৰ-পশ্চিম অঞ্চলত সৰ্বাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইৰাকৰ পৰা বিচ্ছিন্নতাবাদীয়েও ইৰাণত প্ৰৱেশৰ চেষ্টা চলাইছে। প্ৰতিবাদ হ্ৰাস পাইছে যদিও বৰ্তমান ইণ্টাৰনেট নিষেধাজ্ঞাৰ ফলত সম্পূৰ্ণ সত্যক অস্পষ্ট কৰি তুলিছে।










