হৰমুজ জলদ্বীপ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ। ই পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰে। কিন্তু হঠাতে হৰমুজ জলদ্বীপৰ ৰং ৰঙীণ হৈ পৰে।
এই পানী ৰঙা হোৱাৰ আঁৰৰ কাৰণ হ’ল ইয়াৰ ভৌগোলিক অৱস্থান। ইৰাণৰ বিল আৰু সাগৰৰ ৰং হঠাতে সলনি হোৱাৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ইৰাণৰ হৰমুজ দ্বীপে। শেহতীয়াকৈ পানীৰ ৰং ৰাতিটোৰ ভিতৰতে উজ্জ্বল ৰঙা হৈ পৰে। ইতিমধ্যে হৰমুজৰ দ্বীপৰ অসংখ্য ফটো আৰু ভিডিঅ’ পোহৰলৈ আহিছে।
হৰমুজ জলদ্বীপৰ ওচৰত পাৰ্চী উপসাগৰত অৱস্থিত এই সৰু দ্বীপটো ইতিমধ্যে ইয়াৰ দৰ্শনীয় দৃশ্যৰ বাবে বিখ্যাত। কিন্তু বৰষুণৰ পিছত ভূ-প্ৰকৃতিৰ নাটকীয় পৰিৱৰ্তন ঘটে। পাহাৰ আৰু বালিত থকা লোহাৰ কণাবোৰ পানীৰ লগত মিহলি হৈ সমগ্ৰ দ্বীপটোক ৰঙা ৰঙৰ কৰি দিয়ে।
বিজ্ঞানীসকলৰ মতে দ্বীপটোৰ শিলত আইৰণ অক্সাইড বিশেষভাৱে হেমাটাইটৰ উপস্থিতিৰ বাবেই এই পৰিঘটনা সংঘটিত হৈছে। বৰষুণৰ পানী এই খনিজ পদাৰ্থবোৰৰ ওপৰত পৰাৰ লগে লগে বৈ যোৱা পানীয়ে বালি আৰু সাগৰৰ পানীত গভীৰ ৰঙা ৰং প্ৰদান কৰে। হেমাটাইট বা আইৰন অক্সাইড (FeO) একেটা মৌলৰ ফলত মংগল গ্ৰহও ৰঙা দেখা যায়।









