মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে। ৭ এপ্ৰিলত ট্ৰাম্পে ঘোষণা কৰে যে, আমেৰিকাই ইৰাণৰ সৈতে দুসপ্তাহৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ চলাই ইয়াৰ সমগ্ৰ সভ্যতাক ধ্বংস কৰাৰ ভাবুকি দিয়াৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তেওঁ এই বক্তব্য কৰে। ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে এই যুদ্ধবিৰতিত পাকিস্তানেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছায়েদ আব্বাছ আৰাঘচিয়েও পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বাল মুনিৰক ধন্যবাদ জ্ঞাপন কৰে।
ট্ৰাম্পে কয় যে, এই যুদ্ধবিৰতিৰ কাৰণ হ’ল আমেৰিকাই ইতিমধ্যে সকলো সামৰিক লক্ষ্য পূৰণ কৰিছে। মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী শান্তি আৰু শান্তিৰ বাবে ইৰাণৰ সৈতে এক কঠিন চুক্তিৰ বাবে আগবাঢ়িছে।পূৰ্বে বিতৰ্কিত প্ৰায় সকলো বিষয়তে আমেৰিকা আৰু ইৰানে সহমতত উপনীত হৈছে, কিন্তু এই চুক্তিখন চূড়ান্ত আৰু সম্পূৰ্ণ কৰিবলৈ এই ২ সপ্তাহৰ সময়সীমা প্ৰয়োজনীয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহক প্ৰতিনিধিত্ব কৰা এই বিষয়টোৰ সমাধানৰ ওচৰলৈ যোৱাটো আমেৰিকাৰ বাবে এক সন্মানৰ কথা।










