মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰানে যুদ্ধবিৰতিৰ অনুৰোধ জনাইছিল বুলি কৰা দাবীক স্পষ্টভাৱে নাকচ কৰিছে। ইৰাণে ইয়াক “সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা” বুলি অভিহিত কৰিছে।
এক প্ৰতিবেদনৰ মতে, ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই ৰাজ্যিক টেলিভিছনৰ উদ্ধৃতি দি স্পষ্ট কৰি দিয়ে যে ট্ৰাম্পৰ এই দাবী বাস্তৱিকতে ভুল আৰু ইয়াৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই।
ড’নাল্ড ট্ৰাম্পে শাসন ব্যৱস্থা সলনি কৰাৰ দাবীক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে। ইৰাণে কটুভাৱে কয় যে ট্ৰাম্পে “এপ্ৰিল ফুলৰ প্ৰেংক” খেলিছে, কিয়নো এখন দেশৰ ৰাষ্ট্ৰপতিক টুইটেৰে সলনি কৰিব নোৱাৰি। মুম্বাইত থকা ইৰাণৰ কনছুলেট জেনেৰেলে স্পষ্ট কৰি দিয়ে যে, মাছুদ পেজেস্কিয়ান পূৰ্বতে দেশখনৰ ৰাষ্ট্ৰপতি আছিল আৰু এতিয়াও একে পদত আছে, অৰ্থাৎ ইৰাণত কোনো শাসন ব্যৱস্থাৰ পৰিৱৰ্তন হোৱা নাই। এই সঁহাৰিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে ইৰাণে ট্ৰাম্পৰ দাবীক বিভ্ৰান্তিকৰ আৰু ৰাজনৈতিক বাক্যবাণ বুলি বিবেচনা কৰি সম্পূৰ্ণৰূপে নাকচ কৰে।
ইয়াৰ পূৰ্বে ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট কৰিছিল যে ইৰাণৰ “নতুন শাসন ব্যৱস্থাই” তেওঁক যুদ্ধবিৰতিৰ বাবে আবেদন জনাইছে। কিন্তু ইৰাণত নেতৃত্বৰ কোনো পৰিৱৰ্তন নিশ্চিত হোৱা নাই, যাৰ ফলত এই দাবীক লৈ আৰু অধিক প্ৰশ্ন উত্থাপন হৈছে। ট্ৰাম্পে লগতে কয় যে তেওঁ ইৰাণক জনাইছে যে যদিহে হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰা হয়, তেন্তে আমেৰিকাই এই প্ৰস্তাৱ বিবেচনা কৰিব। ইৰাণৰ এই তীব্ৰ অস্বীকাৰৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱা যেন লাগে।
আনহাতে, ১ এপ্ৰিলত হোৱা এক সাক্ষাৎকাৰত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে, যুদ্ধৰ বাবে ইৰাণ সম্পূৰ্ণৰূপে সাজু। তেওঁ কয় যে, কোনো দেশেই ইৰাণৰ জনসাধাৰণৰ সৈতে ভাবুকিমূলক সুৰত কথা ক’ব নালাগে।











