হামাছ, হিজবুল্লাহ আৰু ইৰাণৰ সৈতে হোৱা বিবাদৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেনা প্ৰধানগৰাকীক অপসাৰণৰ পিছত নেতান্যায়াহুৱে আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ মুৰব্বী (শ্বিন বেট)ক পদৰ পৰা অপসাৰণ কৰিছে।
দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনত ৰনেন বাৰক ইজৰাইলৰ আভ্যন্তৰীণ নিৰাপত্তা বাহিনীৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। মাত্ৰ ৪ বছৰৰ অন্তত নেতান্যায়াহুৱে তেওঁক অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। নেতান্যায়াহুৱে কয় যে, আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ মুৰব্বীৰ ওপৰত তেওঁ বিশ্বাস হেৰুৱাই পেলাইছে। গতিকে তেওঁ বেটৰ সৈতে লগত কাম কৰিব নোৱাৰে।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰে। এই আক্ৰমণত ১২০০ ইজৰাইলী লোকৰ প্ৰাণহানি হয়। এই আক্ৰমণৰ পিছত আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ মুৰব্বীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰে। চৰকাৰৰ ব্যৰ্থতাৰ কথা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল। এই প্ৰতিবেদন ওলোৱাৰ পিছতে বিৰোধী নেতাসকলৰ লক্ষ্য হৈ পৰিছিল নেতান্যায়াহু।
নেতান্যায়াহুক পদত্যাগ কৰিবলৈও হেঁচা প্ৰয়োগ কৰিছিল। ইফালে নেতান্যায়াহুৱে প্ৰথমে সেনা প্ৰধান শ্বিন বেটক অপসাৰণৰ সিদ্ধান্ত লয়।
ইজৰাইলত আৰম্ভ হৈছে শ্বিন বেটৰ মুৰব্বীক অপসাৰণৰ বিৰুদ্ধে প্ৰতিবাদ। বিৰোধী দলৰ নেতা য়াইৰ লেপিডে কয় যে, চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্তক তেওঁ আদালতত প্ৰত্যাহ্বান জনাব। লেপিডে কয় যে, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ট্ৰেকৰ বাহিৰলৈ গৈছে আৰু একনায়কত্ববাদৰ দিশে আগবাঢ়িছে।
নেতান্যায়াহুৱে আইন মানি চলা নাই বুলিও কয় প্ৰাক্তন প্ৰধানমন্ত্ৰী এহুদ বাৰাকে। নেতান্যায়াহুৱে নিজে পদত্যাগ কৰাৰ সলনি আন বিষয়াসকলকহে অপসাৰণ কৰাত ব্যস্ত বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য যে, শ্বিন বেটৰ কাম হৈছে ইজৰাইলৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়া। ইজৰাইলৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হিচাপে গণ্য কৰা হয়। প্ৰতিটো ডাঙৰ সিদ্ধান্তৰ লগত জড়িত হৈ থাকে শ্বিন বেটৰ মুৰব্বী। শ্বিন বেটৰ কাম হৈছে চোৰাংচোৱা তথ্য নিয়ন্ত্ৰণ কৰা আৰু আভ্যন্তৰীণ প্ৰতিবেদন প্ৰস্তুত কৰা।