ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। তেহৰানে মধ্য ইজৰাইলৰ দিশে বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ কিছু সময়ৰ পিছতে ইৰাণৰ ইছফাহান পাৰমাণৱিক প্লাণ্টক লক্ষ্য কৰি ইজৰাইলে বিমান আক্ৰমণ সংঘটিত কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আই ডি এফ)ৰ তথ্য অনুসৰি ইৰাণৰ ঘাটিত বোমা বিস্ফোৰণত প্ৰায় ৫০খন যুদ্ধ বিমান জড়িত আছিল। অৱশ্যে ইৰাণৰ সংবাদ মাধ্যম ফাৰ্চ নিউজৰ মতে এই সময়ছোৱাত কোনোধৰণৰ ক্ষয়ক্ষতি হোৱা নাই।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত ইছফাহানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, য’ত ইউৰেনিয়ামৰ সুবিধা আৰু পাৰমাণৱিক ইন্ধন উৎপাদন কেন্দ্ৰও অন্তৰ্ভুক্ত।
ইজৰাইলৰ এজন বিষয়াই এএফপিক জনাইছে, ‘আমি আমাৰ অভিযানৰ প্ৰথম ২৪ ঘণ্টাত ইছফাহানক লক্ষ্য কৰি লৈছিলো, কিন্তু আমি গোটেই নিশা তাত আক্ৰমণ অব্যাহত ৰাখিছিলো। আমাৰ বিমান আক্ৰমণে ইছফাহানৰ পাৰমাণৱিক কেন্দ্ৰৰ ক্ষতিসাধন কৰিছে।’
তেওঁ কয় যে যোৱা কিছুদিনত আৰু কিছু টাৰ্গেট ধ্বংস কৰা হৈছে, য’ত কিছুমান চেণ্ট্ৰিফিউজ উৎপাদন স্থানো আছে। তেওঁ লগতে জোৰ দি কয় যে ইজৰাইলৰ আক্ৰমণৰ বাবে ইৰাণৰ চেণ্ট্ৰিফিউজ উৎপাদন ক্ষমতাই গুৰুতৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইউৰেনিয়াম সমৃদ্ধ কৰাৰ বাবে চেণ্ট্ৰিফিউজ অতি গুৰুত্বপূৰ্ণ।