ইজৰাইলে পূব লেবাননৰ হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি তীব্ৰ বিমান আক্ৰমণ চলায়৷ এই আক্ৰমণত কেইবাজনো স্থানীয় সেনাপতিকে ধৰি হিজবুল্লাহৰ ৮ জন সদস্যৰ মৃত্যু হয়।
২১ ফেব্ৰুৱাৰীত এই কথা ঘোষণা কৰে হিজবুল্লাহৰ ২ বিষয়াই। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে মৃত্যুৰ সংখ্যা ১০ বুলি ঘোষণা কৰে যদিও উগ্ৰপন্থী আৰু সাধাৰণ নাগৰিকৰ সংখ্যা নিৰ্দিষ্ট কৰা নাই।
২০ ফেব্ৰুৱাৰীত গভীৰ নিশা উত্তৰ-পূব লেবাননৰ ৰায়ক গাঁৱৰ সমীপত সংঘটিত হয় এই আক্ৰমণ। এছ’চিয়েটেড প্ৰেছৰ এটা দলে শনিবাৰে পুৱা তিনি মহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাটো সম্পূৰ্ণৰূপে ধ্বংস হোৱা দেখিবলৈ পায়। ৰায়ক হাস্পতালৰ কাৰ্যবাহী সঞ্চালক আলী আব্দুল্লাই জনোৱা মতে, ৩টা শিশু আৰু একাংশ বিদেশী নাগৰিককে ধৰি ১০টা মৃতদেহ আৰু ২১জন আহতক চিকিৎসালয়লৈ অনা হৈছে। নিহতসকলৰ ভিতৰত এজন ছিৰিয়ান পুৰুষ আৰু এগৰাকী ইথিওপিয়ান মহিলা থকাৰ বিপৰীতে আহতসকলৰ ভিতৰত আছে ৫জন ছিৰিয়ান আৰু তিনিজন ইথিওপিয়ান নাগৰিক।
হিজবুল্লাহৰ বিষয়াসকলে জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে তিনিজন স্থানীয় সেনাপতি— আলী আল মুছাৱী, মহম্মদ আল মুছাৱী আৰু হুছেইন ইয়াঘী। হুছেইন ইয়াঘী হিজবুল্লাহৰ জ্যেষ্ঠ বিষয়া তথা প্ৰতিষ্ঠাপক মহম্মদ ইয়াঘিৰ পুত্ৰ আছিল। ইজৰাইলী সেনাই কয় যে, বালবেক অঞ্চলত তিনিটা পৃথক কমাণ্ড বেছ আক্ৰমণ কৰা হৈছে। এই আক্ৰমণত নিহত হিজবুল্লাহৰ সদস্যসকল ইজৰাইলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা, কাৰ্যকৰী আৰু সামৰিক প্ৰস্তুতি বৃদ্ধিৰ কামত জড়িত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, লেবানন আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি থকাৰ পাছতো ইজৰাইলে সঘনাই হিজবুল্লাহৰ স্থিতি লক্ষ্য কৰি আহিছে। হিজবুল্লাহ আৰু হামাছে যৌথভাৱে ইজৰাইলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে আৰু ইজৰাইলে এই উগ্ৰ সংগঠনসমূহক যিকোনো মূল্যৰ বিনিময়ত সহ্য নকৰাৰ ক্ষেত্ৰত সজাগ হৈ আছে। এইবাৰ পূব লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া হৈছে।










