যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰিপত ইজৰাইলে পুনৰ চলাইছে আক্ৰমণ। এই আক্ৰমণত পেলেষ্টাইনৰ কমেও ৯ জন নাগৰিক নিহত হোৱাৰ খবৰ আহিছে। ইয়াৰ ভিতৰত আছিল বেছিভাগেই শিশু আৰু মহিলা।
বুধবাৰে (১ জানুৱাৰী, ২০২৫) বিষয়াসকলে কয় যে প্ৰায় ১৫ মাহ ধৰি চলি থকা যুদ্ধখন নতুন বছৰতো অন্ত পৰাৰ সম্ভাৱনা নাই। ইজৰাইলে উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ এটা ঘৰত এই আক্ৰমণ সংঘটিত কৰে।
ইজৰাইলে অক্টোবৰৰ আৰম্ভণিৰ পৰাই এই অঞ্চলটোত এক বৃহৎ অভিযান চলাই আহিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয়, ‘ইজৰাইলৰ আক্ৰমণত এগৰাকী মহিলা আৰু ৪টা শিশুকে ধৰি ৭ জন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনৰো অধিক লোক আহত হৈছে।’
উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে অতৰ্কিতে ইজৰাইলত আক্ৰমণ চলাই প্ৰায় ১২০০ লোকৰ প্ৰাণ লৈছিল। কেৱল এয়াই নহয় হামাছে ইজৰাইলৰ প্ৰায় ২৫০ লোকক অপহৰণ কৰি আৱদ্ধ কৰি ৰাখিছিল।
এই ঘটনাৰ পিছতে ইজৰাইলে পেলেষ্টাইনৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলাইছিল আৰু তেতিয়াৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ এতিয়াও অৱসান ঘটনা নাই।