ভাৰতীয় মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকাৰ মহাকাশ সংস্থা নাছাই যৌথভাৱে এটা অতি শক্তিশালী উপগ্ৰহ নিৰ্মাণ কৰিছে, যাৰ নাম NISAR (NASA-ISRO Synthetic Aperture Radar)।
এই উপগ্ৰহটো অহা বছৰৰ আৰম্ভণিতে মহাকাশলৈ প্ৰেৰণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, ভূমিস্খলন, বনাঞ্চলৰ জুই, ঘূৰ্ণীবতাহৰ ধুমুহা, হাৰিকেন, বৰষুণ, আগ্নেয়গিৰি, আৰু টেকটনিক প্লেটৰ গতিবিধি নিৰীক্ষণ কৰা হ’ব। ই কোনো দুৰ্যোগৰ পূৰ্বে সতৰ্ক কৰি দিব আৰু মানুহক সুৰক্ষিত ৰখাত সহায় কৰিব।
নিছাৰত থাকিব দুবিধ ৰাডাৰ বেণ্ড – এল আৰু এছ। এই ৰাডাৰ বেণ্ডসমূহে পৃথিৱীত গছ-গছনিৰ বৃদ্ধি, পোহৰৰ অতিৰিক্ত বা অভাৱৰ প্ৰভাৱ আৰু অন্যান্য পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত নজৰ ৰাখিব।
NISAR উপগ্ৰহ হ’ব বিশ্বৰ আটাইতকৈ ব্যয়বহুল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। ইয়াৰ নিৰ্মাণ ব্যয় প্ৰায় ১০,০০০ কোটি টকা।