পুৰীৰ জগন্নাথ মন্দিৰ নিজৰ প্ৰচুৰ ঐশ্যৰ্য-বিভূতিৰ বাবে অতীজৰে পৰাই বাতৰিৰ শীৰ্ষত আছে। সুদীৰ্ঘ ৪৬ বছৰৰ পাছত, মন্দিৰৰ ৰত্ন ভান্দাৰ খোলা হৈছে। এইটো কোৱা হৈছে যে, এই মন্দিৰত ১০০ কিলোগ্ৰামতকৈও অধিক সোণ আৰু মূল্যৱান গহনা পোৱা গৈছে। ধনৰ পৰিমাণ ইমানেই বেছি আছিল যে, ১১ জন সদস্যৰ সমিতিয়ে ইয়াক আঁতৰাবলৈ ৭ ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল।
মন্দিৰৰ অপৰিসীম সৌন্দৰ্যৰ বাবে, ইতিহাস প্ৰসিদ্ধ জগন্নাথ মন্দিৰত বহুবাৰ আক্ৰমণ কৰা হৈছিল। যাৰ বাবে মোগল সম্ৰাট ঔৰঙ্গজেৱে এই মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল। কিন্তু আক্ৰমণ কৰাৰ পৰিৱৰ্তে তেওঁৰ দূতে উৰিষ্যাৰ ৰজাৰ সৈতে শান্তি চুক্তি কৰিছিল।
১৫৬৮ খ্ৰীঃত গজপতি ৰজা মুকুন্দা দেৱৰ মৃত্যুৰ লগে লগে উৰিষ্যা, বংগৰ আফগান শাসকসকলৰ হাতলৈ যায়। সেই সময়ত অৰাজকতা শীৰ্ষত আছিল। তেওঁ ৰামচন্দ্ৰ দেৱ নামলৈ নিজকে উৰিষ্যাৰ স্বাধীন সাৰ্বভৌম সম্ৰাট বুলি ঘোষণা কৰিছিল।
ঐতিহাসিক দস্তাবেজ অনুসৰি, মোগল সম্ৰাট ঔৰঙ্গজেৱে ১৬৮৬ চনত প্ৰথমে কটকৰ চুবেদাৰ নাছাৰ খানক জগন্নাথ মন্দিৰ ভাঙিবলৈ নিৰ্দেশ দিছিল। কোৱা হয় যে, নাছাৰ খান ঘোৰ হিন্দু বিৰোধী আছিল। নিৰ্দেশ অনুসৰি, খানে শ শ মন্দিৰ ভাঙি পেলাইছিল আৰু সেই ঠাইত মছজিদ নিৰ্মাণ কৰিছিল। এই উদ্দেশ্যৰ বাবে তেওঁ পুৰীৰ ফালেও আগবাঢ়ি গৈছিল।
শ্ৰী কৃষ্ণ কথামৃত আলোচনী অনুসৰি, নাছাৰ খানে পুৰী পোৱাৰ আগতে ওচৰৰ এখন গাঁৱত তেওঁৰ সেনাৰ সৈতে ৰাতিটো থাকিছিল। সেই নিশা আকাশৰ পৰা বজ্ৰপাত পৰি নাছাৰ খানৰ সেনাৰ বহুতো হাতী আৰু ঘোঁৰাৰ মৃত্যু হয়। নাছাৰ খানে এই ঘটনা ভগৱান জগন্নাথৰ খং বুলি বিবেচনা কৰি ভাঙি পেলোৱাৰ পৰিকল্পনা বন্ধ কৰিছিল।
নাছাৰ খানৰ বিফলতাত ঔৰঙ্গজেব স্তম্ভিত হৈ গৈছিল। তেওঁ আকৌ এবাৰ ১৬৯১ চনত মন্দিৰটো ভাঙি পৰম্পৰাগত ৰথ যাত্ৰা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ঔৰঙ্গজেবৰ আদেশ পাই উৰিষ্যাৰ নৱাব ইক্ৰাম খানে তেওঁৰ ভাতৃ মস্তৰাম খানৰ সৈতে লগ হৈ ১৬ তম বাৰৰ বাবে জগন্নাথ মন্দিৰ আক্ৰমণ চলাইছিল।
গজপতি দিব্যাসিং দেৱে যুঁজ বন্ধ কৰিবলৈ ইক্ৰাম খানক ৰথ যাত্ৰাৰ কাঠৰ ঘোঁৰা দিছিল। লগতে, ৪ টা কাঠৰ মূৰ্তিও দিছিল। তথ্য অনুসৰি, তেওঁ দিয়া মূৰ্তিবোৰ ভুৱা আছিল, যাতে ইক্ৰাম খানে সেই মূৰ্তিবোৰ ঔৰঙ্গজেৱক দি দিয়ে।
পিছে মূৰ্তিবোৰ পোৱাৰ পাছতো ঔৰঙ্গজেৱ সন্তুষ্ট হোৱা নাছিল। তেওঁ নিজৰ সেনাপতিক উৰিষ্যালৈ পঠিয়াইছিল আৰু পৰম্পৰাগত ৰথ যাত্ৰা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। সেনা মোতায়েনৰ বাবে, ভক্তসকলে পুৰীলৈ অহা বন্ধ কৰি দিছিল। পৰৱৰ্তী ১২ বছৰৰ বাবে, পুৰীত উৎসৱ নিষিদ্ধ কৰা হৈছিল।
এক দশকৰো অধিক সময় ধৰি উৎসৱ নিষিদ্ধ কৰাৰ পাছত, ৰাম দয়তা গোস্বামী নামৰ এজন স্থানীয় মহন্তই বাদচাহৰ অনুমতি বিচাৰি সম্ৰাটৰ আদালতলৈ গৈছিল। ঘটনাক্ৰমে, গোস্বামীয়ে আদালতলৈ অহাৰ আগদিনা নিশা ঔৰঙ্গজেৱে সপোনত ঈশ্বৰক দেখিবলৈ পাইছিল। ঈশ্বৰে ঔৰঙ্গজেৱক ৰথ যাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’বলৈ কৈছিল। পিছদিনা ৰাতিপুৱা যেতিয়া সম্ৰাটে এই বিষয়ে চিন্তা কৰি আছিল, তেতিয়াই ৰাম দায়িতা গোস্বামীয়ে ৰথ যাত্ৰাৰ অনুমতি ল’বলৈ বাদচাহৰ দৰবাৰলৈ আহিছিল।
তেতিয়া ঔৰঙ্গজেৱে কেৱল ৰথ যাত্ৰাৰ অনুমোদন দিয়াই নহয়, মন্দিৰ নিৰ্মানৰ বাবে প্ৰয়োজনীয় ভূমিও দান কৰিছিল। পাছলৈ উৰিষ্যাৰ ৰাজ্যপাল মুৰ্ছিদ কুলি খানে ১৭০৩ চনত আনুষ্ঠানিকভাৱে ৰথ যাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল।