আজি পুৱা ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাৰ বৰহেটৰ এন টি পি চি গেটৰ সমীপত দুখন মালবাহী ট্ৰেইনৰ মাজত ব্যাপক সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন লোক আহত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মীয়ে জনোৱা অনুসৰি, এই ঘটনা পুৱা প্ৰায় ৩:৩০ বজাত সংঘটিত হয়। সেই সময়ত এখন মালবাহী ট্ৰেইন ট্ৰেকত ৰৈ আছিল আৰু তেতিয়াই আন এটা দিশৰ পৰা অহা মালবাহী ট্ৰেইন এখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।
এগৰাকী আঘাতপ্ৰাপ্ত লোকো পাইলটে কয় যে দুয়োখন মালবাহী ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ পিছতেই ইঞ্জিন আৰু কয়লা ভৰ্তি দবাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
জানিব পৰা অনুসৰি, সংঘৰ্ষ হোৱা মাল ট্ৰেইনখনৰ ইঞ্জিন বগীত সাতজন লোক আছিল। ইয়াৰে দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন আহতক উদ্ধাৰ কৰি বৰহেটৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।