বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত দেশখনক ইছলামিক জাতি হিচাপে গঢ়ি তোলাৰ দিশত পদক্ষেপ ত্বৰান্বিত কৰা হৈছে। বৃহত্তম ইছলামিক দল জামাত-ই-ইছলামীয়ে এতিয়া দেশত শ্বৰীয়ত আইন কাৰ্যকৰী কৰাৰ চেষ্টা চলাইছে।
এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সমৰ্থিত এই সংগঠনটোৱে হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। এই সিদ্ধান্তক বাংলাদেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি ইছলামিক শাসনলৈ সলনি কৰাৰ লক্ষণ বুলি বিবেচিত হৈছে। বিশেষ কথাটো হ’ল এই সমগ্ৰ বিষয়ত ইউনুছ চৰকাৰ মৌন৷
এক প্ৰতিবেদন অনুসৰি জামাত-ই-ইছলামীয়ে ২০২৫ চনৰ ১ আগষ্টৰ পৰা হিন্দু আৰু অমুছলমানৰ পৰা জিজিয়া কৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে।ইয়াৰ পূৰ্বে ২৫ জুলাইত জামাতৰ মুৰব্বী ডাঃ ছফিকুৰ ৰহমানে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে অমুছলমানে এই কৰ দিব লাগিব, যেনেকৈ মুছলমানে জাকাট দিব লাগে।
জাজিয়া হৈছে ইছলামিক কৰ, যিটো অমুছলমানৰ ওপৰত আৰোপ কৰা হয়। মধ্যযুগীয় ইছলামিক শাসনত ই সাধাৰণ আছিল আৰু সমালোচকসকলে ইয়াক সদায় অমুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰাৰ নীতি বুলি গণ্য কৰি আহিছে। বৰ্তমানৰ বাংলাদেশত ইয়াৰ প্ৰৱৰ্তন দেশৰ ধৰ্মনিৰপেক্ষ নীতিৰ পৰা আঁতৰি আহি ইছলামিক শাসন কাৰ্যকৰী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছে।
জামাত-ই-ইছলামীৰ ইতিহাস বাংলাদেশৰ বিতৰ্ক আৰু নিষ্ঠুৰতাৰ সৈতে জড়িত। ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত ই পাকিস্তানক সমৰ্থন কৰিছিল আৰু পাকিস্তানী সেনাৰ লগতে বঙালী নাগৰিকৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। আজিও এই সংগঠনটোৰ সমৰ্থন আছে পাকিস্তান আই এছ আই আৰু বহু ইছলামিক-জেহাদী সংগঠনৰ। এই কাৰণেই বাংলাদেশত সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ বৃদ্ধি পাইছে।