জুৰীয়াৰ জামুগুৰিত সংঘটিত হয় এক জঘন্য ঘটনা। লম্পট যুৱকৰ অপচেষ্টাৰ বলি ১৬ বছৰীয়া নাবালিকা।আন্ধাৰৰ সুযোগ লৈ নাবালিকাৰ সৈতে অপকৰ্ম চলোৱাৰ চেষ্টা চলাই একে গাওঁৰে এজন লম্পট যুৱকে।
খবৰ অনুসৰি, যুৱতীগৰাকী নিজ গৃহত শুই থকা অৱস্থাত ছৰিফুল ইছলাম নামৰ এজন লম্পটে নাবালিকাজনীক ঘৰৰ পৰা বাহিৰলৈ লৈ আহে যদিও মাক দেউতাকে কন্যাৰ চিঞৰ-বাখৰ শুনি ওলাই অহাত ছোৱালীজনীক তাতেই থৈ দুচকীয়া বাহনেৰে পলায়ন কৰে।
ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি দগাওঁ আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষীক আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটিয়ে।