বলীউডৰ অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰনৌতৰ ছবি ‘ইমাৰ্জেন্সি’য়ে অৱশেষত চেঞ্চৰ ব’ৰ্ডৰ পৰা লাভ কৰিলে প্ৰমাণ পত্ৰ। এই তথ্য নিজেই দিছে অভিনেত্ৰী তথা সাংসদগৰাকীয়ে। অৰ্থাৎ এতিয়া ‘ইমাৰ্জেন্সি’ ছবিখন শীঘ্ৰেই ছবি গৃহলৈ অহাৰ বাট মুকলি হ’ল।
বৃহস্পতিবাৰে কংগনা ৰনৌতে টুইটযোগে ‘ইমাৰ্জেন্সি’ৰ প্ৰমাণপত্ৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে তেওঁৰ ছবিখনে চেঞ্চৰ ব’ৰ্ডৰ তৰফৰ পৰা মুক্তিৰ বাবে সেউজ সংকেত লাভ কৰিছে। তেওঁ এতিয়া অতি শীঘ্ৰে এই ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।
কংগনা ৰনৌতে এক্সত লিখিছে, “আমাৰ ছবি ‘ইমাৰ্জেন্সি’য়ে চেঞ্চৰ ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰা বুলি ক’বলৈ পাই আমি অতি আনন্দিত হৈছো। এতিয়া আমি ইয়াৰ মুক্তিৰ তাৰিখো অতি শীঘ্ৰে ঘোষণা কৰিম। সহায়-সহযোগিতাৰ লগতে ইমান ধৈৰ্য্য ধৰা সকলোকে ধন্যবাদ।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰাৰ কথা আছিল ‘ইমাৰ্জেন্সি’। কিন্তু বিতৰ্কৰ বাবে এই ছবিখন মুক্তি লাভত বিলম্ব হৈছিল। শিখ সমাজে ছবিখনক লৈ আপত্তি দৰ্শোৱাৰ লগতে চেঞ্চৰ ব’ৰ্ডৰ পৰাও প্ৰমাণ পত্ৰ লাভ কৰাত অসুবিধা হৈছিল।