বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰনৌতৰ আহিবলগীয়া ছবি ‘ইমাৰ্জেন্সি’ মুক্তিৰ বাবে সাজু। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই। ছবিখন মুক্তিৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাক ছবিখন চাবলৈ আমন্ত্ৰন জনাইছে। এই আমন্ত্ৰণৰ প্ৰত্যুত্তৰত প্ৰিয়ংকা গান্ধীয়ে কি কৈছে সেয়াও প্ৰকাশ কৰিছে কংগনা ৰনৌতে।
১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে ২১ মাহৰ বাবে ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইমাৰ্জেন্সি ছবিখন।
কংগনা ৰনৌতে কয়, ‘মই প্ৰিয়ংকা গান্ধীক সংসদত লগ পাইছিলো আৰু তেওঁক কৈছিলো যে আপুনি ‘ইমাৰ্জেন্সি’ চাব লাগে। এই সন্দৰ্ভত তেওঁ উত্তৰ দিয়ে, ‘হয়, হ’ব পাৰে’।’
ইন্দিৰা গান্ধীক তেওঁৰ প্ৰিয় নেত্ৰী বুলি অভিহিত কৰি কংগনাই কয়, ‘জৰুৰীকালীন অৱস্থাত ঘটা কিছুমান অতি আচহুৱা কথাক বাদ দি মই ভাবো তেওঁ বহুত মৰম আৰু সন্মান লাভ কৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰী হোৱাটো কোনো ধেমালি কথা নহয়। তেওঁ লাভ কৰিছিল মৰম আৰু সন্মান