কৰ্ণাটকৰ বেংগালুৰুত এজন স্বামীয়ে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে। প্ৰথমে পত্নীক ডিঙি চেপি ধৰে আৰু তাৰ পিছত মুখত আঠা লগাই দিলে।
যেতিয়া মানুহজন নিশ্চিত হয় যে, তেওঁৰ পত্নীৰ মৃত্যু হৈছে, তেতিয়া তেওঁ পোনে পোনে থানালৈ যায় তাৰু তাতেই তেওঁ আত্মসমৰ্পণ কৰি নিজৰ অপৰাধ স্বীকাৰ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে মহিলাগৰাকীয়ে উশাহ-নিশাহ লৈ থকা দেখা পায়। লগে লগে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও তেওঁৰ চিকিৎসা অব্যাহত আছে।
কৰ্ণাটকৰ নেলামংগলাৰ হাৰোক্যতনাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, ৩৮ বছৰীয়া কাঠমিস্ত্ৰী জি সিদ্ধলিঙে হত্যাৰ উদ্দেশ্যেৰে নিজৰ ৩৩ বছৰীয়া পত্নী মঞ্জুলাক আক্ৰমণ কৰে। প্ৰথমে মঞ্জুলাক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে। তাৰ পিছত মুখত আঠা লগাই দিলে। বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মঞ্জুলা।
আৰক্ষীৰ খবৰ অনুসৰি, দম্পতীহালৰ কোনো সন্তান নাই। স্বামীয়ে প্ৰায়ে মঞ্জুলাৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল। দেওবাৰে নিশা একেটা বিষয়তে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। মঞ্জুলাই শুই থাকোঁতে স্বামীয়ে প্ৰথমে ডিঙি চেপি ধৰিবলৈ চেষ্টা কৰে আৰু তাৰপিছত মুখত আঠা লগাই দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, মঞ্জুলাৰ মৃত্যু হোৱা বুলি ভাবি দেওবাৰে গভীৰ নিশা স্বামীয়ে মদনয়কনহল্লী থানালৈ গৈ আত্মসমৰ্পণ কৰে। স্বামীয়ে থানাত উপস্থিত হৈ কয় যে, তেওঁ নিজ পত্নীক হত্যা কৰিছে কিয়নো অন্যৰ সৈতে তেওঁৰ পত্নীৰ প্ৰেমৰ সম্পৰ্ক আছে।










