উত্তৰপ্ৰদেশস্থিত কাশীক মহাদেৱৰ নগৰী বুলি কোৱা হয়। কিয়নো লোকবিশ্বাস অনুসৰি, কাশীৰ প্ৰতিটো কোণতে মহাদেৱে বাস কৰে।
উত্তৰ প্ৰদেশত অৱস্থিত কাশীক মহাদেৱ নগৰ বুলি কোৱা হয়, কিয়নো লোকবিশ্বাস অনুসৰি, কাশীৰ প্ৰতিটো কোণতে মহাদেৱে বাস কৰে। সেয়ে এই চহৰখন হিন্দু ধৰ্মৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ।
কাশীৰ গংগা নদীৰ পাৰত অৱস্থিত মণিকৰ্ণিকা ঘাট, যাক মোক্ষদায়িনী ঘাট বা মহাস্মশান বুলিও কোৱা হয়। কাশীৰ মণিকৰ্ণিকা ঘাট কেৱল ঘাট নহয়, হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিৰ গভীৰ আধ্যাত্মিক প্ৰতীক। সাধাৰণতে ভক্তসকলে নিজৰ মনৰ ইচ্ছা পূৰণৰ অৰ্থে এই ধৰ্মীয় স্থানলৈ আহে। অৱশ্যে এইখন এনে এখন ঠাই য’লৈ ভক্তই শান্তি, মুক্তি, আৰু পৰিত্ৰাণৰ বাবে আহে।
কাশীখণ্ডত কাশী চহৰ আৰু ইয়াত অৱস্থিত মণিকৰ্ণিকা ঘাটৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। এই স্থানত মৃত্যুক শুভ বুলি গণ্য কৰা হয়। ইয়াত দাহ কৰিলে আত্মাক জীৱন-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰা হয়। ধৰ্মগ্ৰন্থ অনুসৰি, কাশীত দাহ কৰিলে আত্মাই মোক্ষ লাভ কৰে।
মণিকৰ্ণিকা ঘাটৰ অনন্য বৈশিষ্ট্য হ’ল এই স্থানৰ অগ্নি কেতিয়াও নুমুৱাব নোৱাৰে। সেয়েহে ইয়াক ‘অখণ্ড অগ্নি’ বুলিও কোৱা হয়। কোৱা হয় এই জুইয়ে সময়ৰ সীমা অতিক্ৰম কৰি জীৱন-মৃত্যুৰ ৰহস্য প্ৰতিফলিত কৰে।
মণিকৰ্ণিকা নামৰ উৎপত্তিৰ সন্দৰ্ভত কোৱা হয় যে দেৱী সতী (পাৰ্বতী)ৰ কাণফুলি ইয়াত পৰে, সেয়েহে মণিকৰ্ণিকা নাম দিয়া হয়।
বৰ্তমান কাশীৰ মণিকৰ্ণিকা ঘাটত ৰাজনৈতিক অশান্তিৰ সৃষ্টি হৈছে। মণিকৰ্ণিকা ঘাটত চলি থকা সংস্কাৰ আৰু পুনৰ উন্নয়নৰ কামৰ সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে একাংশ প্ৰতিমূৰ্তি আৰু শিল্পকৰ্ম আৰু ধ্বংসাৱশেষৰ ভিডিঅ’। এই ভিডিঅ’বোৰে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। ভিডিঅ’বোৰক এআই-জেনেৰেটেড আৰু ভুৱা বুলিও অভিহিত কৰা হৈছে। অৱশ্যে তদন্ত অব্যাহত আছে।










