দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টী চমুকৈ আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হ’ব বুলি চলি থকা চৰ্চাক নস্যাৎ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ প্ৰধান কেজৰিৱালে কয় যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টীয়ে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কোনো সম্ভাৱনা নাই বুলিও কেজৰিৱালে উল্লেখ কৰে।
দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে কংগ্ৰেছ দলক ১৫খন আসন এৰি দিব বুলি চৰ্চা চলিছিল যদিও আজি কেজৰিৱালে সামাজিক মাধ্যম এক্সযোগে এটা প’ষ্ট শ্বেয়াৰ কৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে।
কেজৰিৱালৰ উপৰি দলটোৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাইও আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত দলে নিজৰ সাংগঠনিক শক্তিৰ সহায়ত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰিছিল।
কংগ্ৰেছ আৰু আপৰ মিত্ৰতাৰ খবৰ ভিত্তিহীন। যোৱা তিনিটা দিল্লী নিৰ্বাচনত আপে নিজাববীয়াকৈ যুঁজি জয়ী হৈ চৰকাৰ গঠন কৰি চৰকাৰ চলাই আহিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ ৰাঘৱ চাড্ডাই।
উল্লেখ্য যে, অহা বৰ্ষত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল আম আদমি পাৰ্টীয়ে ৩১খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। লক্ষ্যণীয় কথাটো হ’ল যে দলটোৱে ঘোষণা কৰা এই প্ৰাৰ্থীৰ তালিকাৰ পৰা ২৪ গৰাকী বিধায়কৰে প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে।