পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যস্ততা বৃদ্ধি পোৱাৰ মাজতে আজি সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্য চৰকাৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। ৮ ছেপ্তেম্বৰ ২০২৫ৰ পৰা ৮ ছেপ্তেম্বৰ ২০২৬ লৈ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব জন্ম শতবৰ্ষ।
জন্ম শতবৰ্ষ উদযাপনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন ৫০ জনীয়া সমিতি গঠন কৰা হ’ব আৰু এই সমিতিত পৃষ্ঠপোষক হিচাপে থাকিব উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকল।
বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰিবলগীয়া এই শতবৰ্ষৰ আৰম্ভণি বা সামৰণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতি উপস্থিত থাকিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। আৰম্ভণি অথবা সামৰণি অনুষ্ঠানৰ যিকোনো এটা গুৱাহাটী অথবা দিল্লীত অনুষ্ঠিত হ’ব।
অসমৰ লগতে অৰুণাচল প্ৰদেশ, মুম্বাই আৰু কলকাতাতো শতবৰ্ষৰ অনুষ্ঠান পালন কৰা হ’ব। ১০ লাখ লোকলৈ প্ৰেৰণ কৰা হ’ব ড০ ভূপেন হাজৰিকাৰ জীৱনী। সুধাকণ্ঠৰ ওপৰত নিৰ্মাণ কৰা হ’ব তথ্যচিত্ৰ।
আনহাতে ড০ ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা প্ৰচলনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
আনহাতে আজিৰ কেবিনেটে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যত আৰু ১০ খন সমজিলা গঠনৰ ঘোষণা কৰে। নতুনকৈ গঠন হ’বলগীয়া সমজিলা কেইখন হৈছে বকো-ছয়গাঁও, পলাশবাৰী, বৰছলা, ৰঙাপাৰা, মাকুম, ডিগবৈ, টীয়ক, মৰিয়নী, ধলাই আৰু দুধনৈত।