ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষকৰূপে দুবছৰৰ বাবে চুক্তিবদ্ধ হ’ল খালিদ জামিল। এই খবৰটো নিশ্চিত কৰিছে নিখিল ভাৰত ফুটবল ফেডাৰেচনে। ২০১২ চনত ছাভিঅ’ মেদেইৰাৰ পিছত পুৰুষ জাতীয় দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱা প্ৰথমজন ভাৰতীয় হ’ল খালিদ জামিল।
জাতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে খালিদ জামিল জামছেদপুৰ এফ চিৰ মুখ্য প্ৰশিক্ষক আছিল। প্ৰশিক্ষক হিচাপে চুক্তি স্বাক্ষৰ কৰাৰ পিছতেই দলটোৱে নিজৰ অফিচিয়েল ‘এক্স’ একাউণ্টযোগে খালিদক অভিনন্দন জ্ঞাপন কৰিছে।
জামিলে কয়, ‘ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব দিয়াৰ দায়িত্ব লাভ কৰাত মই অতি গৌৰৱ আৰু সন্মান অনুভৱ কৰিছো। বিগত কেইবছৰমানৰ পৰা ভাৰতীয় খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ সুযোগ পাইছো আৰু তেওঁলোকৰ শক্তি আৰু দুৰ্বলতা গভীৰভাৱে বুজিবলৈ সক্ষম হৈছো। এই তথ্যই কাফা নেশ্যনছ কাপ আৰু ছিংগাপুৰৰ বিৰুদ্ধে আগন্তুক এছিয়ান কাপৰ কোৱালিফায়াৰত যথেষ্ট সহায় কৰিব’।
অহা ১৫ আগষ্টত বেংগালুৰুৰ দ্ৰাবিড়-পাডুকন চেণ্টাৰ ফৰ স্প’ৰ্টছ এক্সেলেন্সত পূৰ্ণকালীন প্ৰশিক্ষক হিচাপে প্ৰথমটো প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব জামিলে। ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ প্ৰথম কাৰ্যকাল হ’ব কাফা নেশ্যনছ কাপ। এই প্ৰতিযোগিতাত ভাৰতে গ্ৰুপ বিত আয়োজক তাজিকিস্তান (২৯ আগষ্ট), ইৰাণ (১ ছেপ্টেম্বৰ) আৰু আফগানিস্তান (৪ ছেপ্টেম্বৰ)ৰ বিৰুদ্ধে খেলিব।
খালিদ জামিলে ইণ্ডিয়ান ছুপাৰ লীগ আৰু আই লীগৰ দৰে সন্মানীয় প্ৰতিযোগিতাত জামছেদপুৰ এফ চি, নৰ্থ-ইষ্ট ইউনাইটেড, আইজল এফ চি, ইষ্ট বেংগল, মোহন বাগান আৰু মুম্বাই এফ চিৰ দৰে দলৰ প্ৰশিক্ষকৰূপে দায়িত্ব পালন কৰাৰ যথেষ্ট অভিজ্ঞতা আছে।
২০১৬-১৭ চনত তেওঁ আইজল এফ চিক ঐতিহাসিক আই লীগ খিতাপ দখল কৰাত সহায় কৰিছিল। এইটোৱে আছিল তেওঁৰ ফুটবল প্ৰশিক্ষকৰূপে উল্লেখনীয় সফলতা।
উল্লেখ্য যে, ভাৰতৰ হৈ ১৫খন খেল খেলিছে জামিলে। তেওঁ আছিল এজন মিডফিল্ডাৰ। ১৯৯৭ চনত নেপালত অনুষ্ঠিত হোৱা SAFF চেম্পিয়নশ্বিপত তেওঁৰ অভিষেক ঘটিছিল। সেই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে বিজয়ী হৈছিল।
ক্লাব কেৰিয়াৰত জামিলে মহিন্দ্ৰা ইউনাইটেডৰ সৈতে নেশ্যনেল ফুটবল লীগ, দুটা ফেডাৰেচন কাপ আৰু দুটা আইএফএ শ্বিল্ড জয়ী হৈছিল। তেওঁ এয়াৰ ইণ্ডিয়া আৰু মুম্বাই এফ চিৰ হৈও খেলিছিল। সন্তোষ ট্ৰফীত জামিলে মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল, যাৰ সৈতে তেওঁ ১৯৯৯ চনত খিতাপ দখল কৰিছিল।