কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতাল কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। তৰুণী চিকিৎসকৰ সৈতে সংঘটিত নাৰকীয় ঘটনাই উত্তাল কৰিছে পশ্চিমবংগ।ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসক সমাজে।
৮ আগষ্টৰ মাজনিশা কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ঘৃণনীয়ভাৱে অপদস্থ কৰি তেওঁক নিৰ্মমভাৱে হত্যা কৰা হয়। মৃত চিকিৎসকগৰাকী মহাবিদ্যালয়খনৰ চেষ্ট মেডিচিন বিভাগৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসক আছিল।
এই ঘটনাৰ পিছতেই, দেশজুৰি প্ৰতিবাদৰ শিখা বিয়পি পৰিছে। এনে পৰিস্থিতিত চিকিৎসকৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে শনিবাৰে সমগ্ৰ দেশতে ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনায়। শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ জৰুৰীকালীনৰ বাহিৰে বন্ধ থাকিব আন সকলো চিকিৎসা সেৱা।
বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত বৃহস্পতিবাৰে জৰুৰী বৈঠকত ভাৰতীয় চিকিৎসা সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে। আন মেডিকেল কলেজৰ চিকিৎসালয়ৰ চিকিৎসকেও এই ধৰ্মঘটত যোগদান কৰে।
এই সিদ্ধান্তৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত অস্ত্ৰোপচাৰ, OPD সেৱা বন্ধ কৰ ৰখা হয়। যাৰ ফলত ৰোগীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
অসমতো এই কৰ্মবিৰতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। উক্ত ঘটনাৰ ন্যায় বিচাৰি অসমৰো প্ৰায়কেইখন মুখ্য চিকিৎসালয়ত চিকিৎসকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। অসমত ঠায়ে ঠায়ে শুকুৰবাৰে সন্ধিয়া দোষীৰ উচিত শাস্তি বিচৰি একাংশ চিকিৎসকে সমদল উলিয়ায়।