আমেৰিকাৰ ছফ্টৱেৰ কোম্পানী অৰেকলৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। টেছলাৰ চিইঅ’ ইলন মাস্কক চেৰ পেলাই প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে লেৰীয়ে।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, অৰেকল কৰ্পে আশা কৰাতকৈ প্ৰথম ত্ৰিমাসিকত যথেষ্ট ভাল ব্যৱসায় কৰাৰ পিছত বুধবাৰে পুৱা ১০:১০ বজাৰ ভিতৰত লেৰী এলিছনৰ সম্পত্তি ১০১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি লেৰী এলিছনৰ সম্পত্তিৰ এই প্ৰচণ্ড বৃদ্ধিৰ ফলত তেওঁৰ মুঠ সম্পত্তি ৩৯৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। আনহাতে, ইলন মাস্কৰ মুঠ সম্পত্তি ৩৮৫ বিলিয়ন ডলাৰ। এই সূচকাংকই এতিয়ালৈকে ৰেকৰ্ড কৰা এদিনত সৰ্বাধিক বৃদ্ধি।
উল্লেখ্য যে, ৮১ বছৰীয়া লেৰী এলিছন অৰেকলৰ সহ-প্ৰতিষ্ঠাপক আৰু বৰ্তমান কোম্পানীটোৰ অধ্যক্ষ আৰু মুখ্য প্ৰযুক্তি বিষয়া।