গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱাৰ দাবী পুনৰবাৰ কৰ্ণী সেনাই। কৰ্ণী সেনাৰ নেতা ৰাজ শ্বেখাৱটৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
তেওঁ কয় যে, যিজন আৰক্ষীয়ে লৰেন্স বিষ্ণোইৰ মুখামুখি হ’ব, তেওঁক ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকা পুৰস্কাৰ হিচাপে দিব। সেই সাহসী আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা সুনিশ্চিত কৰাটো তেওঁলোকৰ দায়িত্ব হ’ব। শ্বহীদ সুখদেৱ সিং গোগামেদিৰ হত্যাকাৰী লৰেন্সৰ মুখামুখি হোৱা আৰক্ষী বিষয়াগৰাকীক ক্ষত্ৰীয় কৰ্ণী সেনাই পূৰ্ণ সমৰ্থন আগবঢ়াব।
এই ভিডিঅ’টোৰ শেষত ৰাজ শ্বেখাৱাটে ‘জয় মা কৰ্ণী’ বুলি ধ্বনি দিয়ে। ৰাজ শ্বেখাৱত বৰ্তমান মধ্য গুজৰাট ভ্ৰমণলৈ গৈছে। তেওঁক ক্ষত্ৰীয় মহাসন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল।
শেহতীয়াকৈ, গেংষ্টাৰ লৰেন্স বিষ্ণোই বাতৰিৰ শিৰোনাম দখল কৰিছে। মুম্বাইত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
বৰ্তমান গুজৰাটৰ উচ্চ নিৰাপত্তাৰক্ষী সাবৰমতী কাৰাগাৰত ভৰ্তি হৈ আছে লৰেন্স বিষ্ণোই। লৰেন্সে ছলমান খানক ভাবুকি দিছে। ইয়াৰ পূৰ্বেও কৰ্ণী সেনাৰ সভাপতি ৰাজ শ্বেখাৱাটে বদোদৰাত লৰেন্সৰ এনকাউণ্টাৰৰ দাবী জনাইছিল। তেওঁ কৈছিল যে এনে এগৰাকী গেংষ্টাৰক আশ্ৰয় দিয়া বাবে কেন্দ্ৰীয় চৰকাৰো প্ৰশ্নৰ আওতালৈ আহিছে।