দক্ষিণ লেবাননৰ পৰা ওলোৱা এটা ভিডিঅ’ই বিশ্বজুৰি উদ্বেগ প্ৰকাশ কৰিছে। সাংবাদিক এগৰাকীয়ে বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে পোনে পোনে তেওঁৰ পিছফালে এটা ক্ষেপণাস্ত্ৰ অৱতৰণ কৰে। যাৰ বাবে দুজনকৈ সাংবাদিক আঘাতপ্ৰাপ্ত হয়।
এই ভিডিঅ’টোত লাইভ ৰিপ’ৰ্ট দি থকাৰ সময়তে এটা মিছাইল বিস্ফোৰণ হয়। এই বিস্ফোৰণত আহত হয় সাংবাদিক ষ্টিভ ছুইনী আৰু তেওঁৰ কেমেৰামেন আলী ৰিডা। দুয়োকে লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি খবৰ পোৱা গৈছে।
খবৰ অনুসৰি, দক্ষিণ লেবাননৰ আল কাছমিয়া দলঙৰ ওচৰত দলটোৱে বাতৰি পৰিৱেশন কৰি আছিল। ৰাছিয়াৰ বিষয়াসকলে এই আক্ৰমণ ইচ্ছাকৃতভাৱে কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইজৰাইল আৰু লেবাননৰ মাজত উত্তেজনা তুংগত থকা সময়ত এই ঘটনা সংঘটিত হৈছে। এই ভিডিঅ’টোৱে যুদ্ধক্ষেত্ৰত সাংবাদিকৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।










