শেহতীয়াকৈ ইজৰাইলে লেবাননত কৰা আক্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে দুয়োখন দেশৰ মাজত আলোচনাৰ প্ৰস্তুতি চলি আছে। যুদ্ধবিৰতি ঘোষণাৰ পিছত লেবাননত ইজৰাইলে আক্ৰমণ চলাই ৩০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰৰো অধিক লোক আহত হৈছে।
এক প্ৰতিবেদন অনুসৰি, অহা সপ্তাহত আমেৰিকাত ইজৰাইল আৰু লেবাননৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা হ’ব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মতে, এই আলোচনাত যুদ্ধবিৰতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ’ব, যাৰ লক্ষ্য হ’ব উত্তেজনা হ্ৰাস কৰাৰ উপায় বিচাৰি উলিওৱা।
যি সময়ত পাকিস্তানত ইৰাণ আৰু আমেৰিকাৰ মাজতো আলোচনাৰ দিন ধাৰ্য কৰা হৈছে। তদুপৰি শেহতীয়াকৈ দুয়োখন দেশৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি সমাপ্ত হৈছে যদিও লেবাননক অন্তৰ্ভুক্ত কৰাটো বিতৰ্কিত হৈয়ে আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে লেবাননৰ সৈতে অতি সোনকালে প্ৰত্যক্ষ আলোচনাত অনুমোদন জনোৱাৰ কথা উল্লেখ কৰিছে। এই আলোচনাৰ মূল কেন্দ্ৰবিন্দু হ’ব হিজবুল্লাহৰ নিৰস্ত্ৰকৰণ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। অৱশ্যে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে।
ইজৰাইলৰ সৈতে হোৱা কোনো আলোচনাক স্পষ্টভাৱে নাকচ কৰিছে হিজবুল্লাহ নেতা আলী ফায়াদে। তেওঁ কয় যে, লেবাননে কোনো প্ৰত্যক্ষ আলোচনা গ্ৰহণ নকৰে আৰু ইজৰাইলে প্ৰথমে নিজৰ আক্ৰমণ বন্ধ কৰি নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব। যুদ্ধবিৰতিত লেবানন অন্তৰ্ভুক্ত কৰা হৈছিল নে নাই সেয়া এক বৃহৎ বিতৰ্কত পৰিণত হৈছে।
ইজৰাইল আৰু আমেৰিকাই লেবানন এই চুক্তিৰ অংশ নাছিল বুলি কয়, আনহাতে ইৰাণ আৰু পাকিস্তানে লেবাননক অন্তৰ্ভুক্ত কৰা বুলি কয়। ইফালে ইজৰাইলে লেবাননত হিজবুল্লাহৰ লক্ষ্যত আক্ৰমণ অব্যাহত ৰাখিছে। সেনাই কয় যে তেওঁলোকে হিজবুল্লাহৰ সৈতে জড়িত লঞ্চ ছাইটসমূহক লক্ষ্য কৰি লৈছিল।














