ইৰাণৰ সৈতে আমেৰিকাই দুসপ্তাহৰ যুদ্ধবিৰতিত উপনীত হ’লেও ইজৰাইলে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এইক্ষেত্ৰত ইজৰাইলে স্পষ্ট কৰি দিছে যে এই যুদ্ধবিৰতি লেবাননত তেওঁলোকৰ সামৰিক অভিযানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও স্পষ্ট কৰি দিছে যে লেবানন এই যুদ্ধবিৰতিৰ অংশ নহয়।
ইজৰাইল আৰু লেবাননৰ মাজত শত্ৰুতাৰ ইতিহাস অতি পুৰণি। ইজৰাইলৰ লেবাননৰ মাটিৰ পৰা কাম কৰা সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ সৈতে প্ৰায় ৫০ বছৰ ধৰি যুদ্ধ চলি আছে। ইয়াৰ পূৰ্বে ইজৰাইলে হিজবুল্লাহক নিৰ্মূলৰ বাবে কেইবাবাৰো সামৰিক অভিযান আৰম্ভ কৰিছিল যদিও কেতিয়াও সম্পূৰ্ণ সফল হোৱা নাই। ইৰাণৰ সমৰ্থনত হিজবুল্লাহ গঠন কৰা হৈছিল, ইজৰাইলক লেবাননৰ পৰা খেদি পঠোৱাৰ লক্ষ্যৰে।
১৯৮২ চনৰ যুদ্ধৰ পিছত ইজৰাইলে লেবাননৰ সেই অংশ দখল কৰে যি ১৮ বছৰ ধৰি থাকিল। এই দখলৰ ফল লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহ। ২০০০ চনত যেতিয়া ইজৰাইলে লেবাননৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিছিল, তেতিয়া হিজবুল্লাই ইজৰাইলৰ ওপৰত প্ৰথম আৰব সামৰিক বিজয় ঘোষণা কৰিছিল।
ইৰাণৰ যুদ্ধত হিজবুল্লাহৰ প্ৰৱেশ ঘটিছিল যেতিয়া উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত হিজবুল্লাই ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছিল। এতিয়া হিজবুল্লাহক নিৰ্মূল কৰাৰ বাবে বেঞ্জামিন নেতান্যায়াহুৱে লেবাননক তেজেৰে বুৰাই পেলাইছে।
১০ এপ্ৰিলত লেবাননত বৃহৎ সংখ্যক অসামৰিক লোকৰ মৃত্যুৰ খবৰ পাই ভাৰতে উদ্বেগ প্ৰকাশ কৰে। লেবাননত ইজৰাইলৰ আক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে ভাৰতে এই মন্তব্য কৰিছে, যাৰ ফলত আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ স্থিতিশীলতাক লৈ অনিশ্চয়তা সৃষ্টি হৈছে। ইৰানে লেবানন চুক্তিখনৰ পৰিসৰৰ ভিতৰত পৰে বুলি কয়, আনহাতে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ এই দাবীক অস্বীকাৰ কৰে। বুধবাৰে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৩০০ লোক নিহত হোৱা বুলি লেবাননৰ বিষয়াসকলে প্ৰকাশ কৰিছে।














