চিৰবৈৰী পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল এগৰাকী প্ৰবক্তা। প্ৰবক্তাগৰাকীক কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে হোৱা সংঘৰ্ষৰ পিছতেই তুৰ্কীয়ে পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত কৰা পোষ্ট শ্বেয়াৰ কৰি ৰঙা ঘৰৰ আলহী হ’ল গোসাইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা জয়নাল আবেদিন।
প্ৰবক্তা গৰাকী গোসাঁইগাঁৱৰ নিবাসী তথা গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী। বৰ্তমান গোসাঁইগাঁও আৰক্ষীয়ে প্ৰবক্তাগৰাকীক সোধা-পোচা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পিছতে তুৰ্কীয়ে জাহাজ আৰু হাৰকিউলিছ বিমানৰ জৰিয়তে সহায় কৰিছিল পাকিস্তানক। এই পদক্ষেপৰ পিছতে ভাৰতত ক্ৰমাত তুৰ্কীৰ বিৰুদ্ধে বৃদ্ধি পাইছে ক্ষোভ। ইতিমধ্যে সামাজিক মাধ্যমত আৰম্ভ হৈছে ‘বয়কট তুৰ্কী’ ট্ৰেণ্ড।
পাকিস্তানৰ সমান্তৰালকৈ ভাৰত বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত তুৰ্কীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কঠোৰ পদক্ষেপ সমূহ হৈছে-
তুৰ্কী আপেল বৰ্জন ভাৰতীয় ব্যৱসায়ীৰ
ভাৰতীয়ৰ তুৰ্কী ভ্ৰমণ বৰ্জন
তুৰ্কী বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল জে এন ইউৰ। এতিয়াৰে পৰা জে এন ইউত শিকোৱা নহ’ব তুৰ্কী ভাষা।
ইয়াৰ উপৰি ব্যৱসায়ীক ক্ষেত্ৰতো আন আন কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।