পিজিআই চণ্ডিগড়ত এটা গৱেষণা কৰা হৈছে। তাত কোৱা হৈছে যে, বৰ্তমান সময়ত বহুক্ষেত্ৰত মানুহ নিসংগতাৰ ভুক্তভোগী হৈ পৰিছে। ইয়ে শৰীৰত সুৰা, ধূমপান আৰু মেদবহুলতাৰ প্ৰভাৱতকৈ অধিক বিপদজনক।
ছ’চিয়েল মিডিয়াৰ যুগত, ফেচবুক বা ইনষ্টাগ্ৰামত হাজাৰ হাজাৰ অনুৰাগী থাকিলেও, মানুহে জীৱনত নিসংগতাৰ ভুক্তভোগী হৈ পৰে। পিজিআই চণ্ডিগড়ৰ এক গৱেষণাত দাবী কৰা হৈছে যে, এই নিসংগতা বহুক্ষেত্ৰত সুৰা বা ধূমপানতকৈ অধিক বিপদজনক। এই গৱেষণা ইণ্ডিয়ান জাৰ্নেল অফ চাইকোলজিকেল মেডিচিনত প্ৰকাশ কৰা হৈছে।
পিজিআইৰ মনোৰোগ বিজ্ঞান বিভাগৰ চিকিৎসকসকলে কৈছে যে, বৰ্তমান সময়ত নিসংগতা দ্ৰুতগতিত স্বাস্থ্য সংকট হিচাপে উদ্ভৱ হৈছে। এইয়া চহৰাঞ্চলতে সীমাৱদ্ধ নহয়, গ্ৰাম্যাঞ্চলতো মানুহ নিসংগতাৰ ভুক্তভোগী হৈ পৰিছে।
বৃদ্ধসকলৰ ক্ষেত্ৰত, বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত নিসংগতাৰ অধিক সমস্যাই দেখা দিছে। মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰত নিসংগতাৰ স্তৰ যথেষ্ট বেছি।
পিজিআইৰ মনোৰোগ বিজ্ঞান বিভাগৰ ডাঃ অসীম মেহৰাই কয় যে, নিসংগতাৰ ফলত শৰীৰত বহুতো ৰোগ হ’ব পাৰে। ই হৃদৰোগ, হতাশা, মানসিক চাপৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি কৰে। যিদৰে সুৰাপান, ধূমপান বা মেদবহুলতাৰ ফলত ৰোগ হয়, ঠিক তেনেদৰে নিসংগতাৰ ফলতো স্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়।