আজিৰ পৰা সালসলনি হ’ব কেইবাটাও নিয়ম। আহিব কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন। যিয়ে দৈনন্দিন জীৱনৰ অসংখ্য দিশত প্ৰভাৱ পেলাব। এলপিজি চিলিণ্ডাৰৰ দাম, এফ ডি হাৰ, ইউ পি আই পেমেণ্ট, কৰ সালসলনি ইত্যাদিৰ সৈতে জড়িত নিয়মসমূহৰ আপডেটসমূহ ২০২৫ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’বলগীয়া পৰিৱৰ্তনসমূহৰ ভিতৰত অন্যতম।
২০২৫ চনৰ ১ মাৰ্চৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্যত বেংক এফ ডিৰ সুতৰ হাৰৰ পৰিৱৰ্তন দেখা গৈছে। জানি লও আহক মাৰ্চ মাহে কি পৰিৱৰ্তন আনিব আৰু ই আমাৰ জীৱনত কি প্ৰভাৱ পেলাব-
১ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য। চলিত মাহত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। দিল্লীৰ পৰা আন চহৰলৈ চিলিণ্ডাৰৰ মূল্য ৬ টকা বৃদ্ধি কৰা হৈছে।
বিগত মাহত বাজেটৰ সময়ত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৭ টকা হ্ৰাস কৰা হৈছিল। তেল বিপণন কোম্পানীয়ে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি গেছ চিলিণ্ডাৰৰ দাম সলনি কৰে। এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ পিছত মানুহৰ মাহিলী বাজেটত প্ৰভাৱ পৰাটো নিশ্চিত।