মহাৰাষ্ট্ৰত প্ৰৱঞ্চক অশোক খৰাটৰ পিছত এতিয়া আৰক্ষীয়ে উদঙাই দিছে আন এজন ধৰ্মগুৰুৰ কুকৰ্ম। নিজকে “তালৱাৰ বাবা” বুলি অভিহিত কৰা জ্ঞানেশ্বৰ কৰ্ডেক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি এই বাবই হাতত লৈ থকা তৰোৱালেৰে মানুহক ভয় খুৱাই ৰোগ নিৰাময়ৰ নামত আৰ্থিক আৰু মানসিকভাৱে শোষণ কৰিছিল।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্ত জ্ঞানেশ্বৰ বিগত ৪ বছৰ ধৰি নিজৰেই এখন আদালত নিৰ্মাণ কৰি লৈছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ হাতত এনে ঐশ্বৰিক শক্তি আছে যিয়ে কৰ্কট ৰোগ, পাৰিবাৰিক বিবাদ, দুষ্ট আত্মাৰ দৰে গুৰুতৰ ৰোগ দূৰ কৰিব পাৰে। তেওঁ হাতত তৰোৱাল লৈ নাৰী আৰু শিশুৰ মাজত আতংকৰ সৃষ্টি কৰিছিল, যাৰ ফলত সকলোৱে তেওঁৰ কথাত মান্তি হ’বলৈ বাধ্য হৈছিল।
অভিযুক্তই কেৱল মানুহক ভয় খুৱাই নহয়, নেমু আৰু অন্যান্য তান্ত্ৰিক কৌশল অৱলম্বন কৰি নিৰীহ গাঁওবাসীক নিজৰ ফান্দত পেলাইছিল। সমাধানৰ বিনিময়ত তেওঁ সহজ-সৰল গাঁওৱাসীৰ পৰা বৃহৎ পৰিমাণৰ ধন আৰু মূল্যৱান সামগ্ৰী আদায় কৰিছিল। স্থানীয় বাসিন্দাসকলৰ অভিযোগ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছতে মহকুমা আৰক্ষী বিষয়া শ্যাম পানেগাঁওকাৰ আৰু পৰিদৰ্শক অতুল ভোছালেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ফান্দ পাতি অভিযান চলায়।
অভিযানৰ সময়ত ডাইনী আৰু অন্ধবিশ্বাসৰ সৈতে জড়িত অসংখ্য সামগ্ৰী জব্দ কৰা হয়। এই অভিযানৰ সময়ত বাবাৰ সমৰ্থকসকলে আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্ক কৰি চৰকাৰী কামত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলায়। আৰক্ষীয়ে মূল অভিযুক্তৰ লগতে তেওঁৰ সহযোগী শিৱকান্ত মেলাৰে আৰু নবজী ৱাগেকাৰৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ ডাইনী বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে।
মহাৰাষ্ট্ৰ অন্ধশ্ৰাদ্ধ নিৰ্মুল সমিতিৰ সদস্য কমলাকাৰ জামদাদে আৰক্ষীৰ এই কাৰ্যক আদৰণি জনায়। তেওঁ কয় যে, ভয় বিয়পাই সমাজখনক শোষণ কৰা এনে প্ৰৱঞ্চক বাবা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আৰক্ষী পৰিদৰ্শক অতুল ভোছালে জনসাধাৰণক কোনো ধৰণৰ অন্ধবিশ্বাসৰ বলি নহ’বলৈ আৰু কোনো ধৰণৰ প্ৰৱঞ্চনা তৎক্ষণাত আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়।











