অসমত হাতী-মানুহৰ সংঘাতে এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছে। বিশেষকৈ বনাঞ্চলৰ ওচৰৰ গাঁৱলীয়া লোকসকল গড় হিচাপে বছৰটোৰ প্ৰতিমাহে বনৰীয়া হাতীৰ সৈতে তিতা-কেঁহা অভিজ্ঞতাৰে সময় অতিবাহিত কৰিব লগা হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভাৰত-ভূটান সিমান্তৰ ওদালগুৰি জিলাতো দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে বনৰীয়া হাতীয়ে। এইবাৰ জিলাখনৰ ডিমাকুছি বাদলাপাৰাত হাতী-মানুহৰ সংঘাতত এগৰাকী ব্যক্তি নিহত হোৱাৰ খবৰ আহিছে।
জানিব পৰা অনুসৰি, ডিমাকুছি থানাৰ অন্তৰ্গত বাদলাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজন বাদলাপাৰা চাহ বাগিচাৰ শ্ৰমিক তথা ৫ সন্তানৰ পিতৃ ৰঞ্জিত কুজুৰ(৫২)। নিজা বাসগৃহৰ পদুলিৰ মুখতে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় লোকজন।
ইফালে হাতী-মানুহৰ সংঘাতৰ ফলত সংঘটিত হোৱা কৰুণ ঘটনাক লৈ ক্ষুব্ধ হৈ পৰা চাহ শ্ৰমিকসকলে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।