বিগত এবছৰ ধৰি হিংসাৰ জুইত জ্বলি আছে মণিপুৰ। পৰিস্থিতি স্বাভাৱিক হোৱাৰ যেন কোনো লক্ষণেই নাই। ইফালে ৰাজ্যৰ কাকচিং জিলাত সংঘটিত হৈছে এক বৃহৎ ঘটনা।
শনিবাৰে সন্ধিয়া একাংশ অচিনাকি বন্দুকধাৰীয়ে প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ মতে, কাকচিং-ৱাবাগৈ পথৰ কেইৰাকৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত সন্ধিয়া প্ৰায় ৫.২০ বজাত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, নিহত শ্ৰমিক দুয়োজনেই বিহাৰৰ বাসিন্দা, যি দুজনক গোপালগঞ্জ জিলাৰ ৰাজৱাহী গাঁৱৰ বাসিন্দা সুনালাল কুমাৰ (১৮) আৰু দশ্ৰথ কুমাৰ (১৭) বুলি চিনাক্ত কৰা হৈছে।
দুয়োজনেই নিৰ্মাণ শ্ৰমিক আছিল আৰু মেইটেই প্ৰধান কাকচিং জিলাৰ এটা ভাড়াঘৰত বাস কৰিছিল। এই ঘটনাৰ আঁৰৰ লোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এই ঘটনাৰ বাবেই পৰিস্থিতি পুনৰ উত্তেজিত হৈ পৰিছে আৰু ৰাইজৰ মাজত আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে। বৰ্তমান এই ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰাত ব্যস্ত আৰক্ষী। বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে অহা-যোৱা কৰা লোকসকলক নিৰীক্ষণ কৰা হৈছে।
শনিবাৰে মণিপুৰৰ কংগ্ৰেছৰ সাংসদ আলফ্ৰেড কে এছ আৰ্থাৰে লোকসভাত সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ আলোচনাৰ সময়ত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰিছিল। লগতে তেওঁ ৰাজ্যবাসীক ন্যায় প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ইয়াৰ পক্ষত সকলো ফালৰ পৰা জনসাধাৰণ থিয় দিব লাগে বুলিও কয়। সাংসদগৰাকীয়ে কয় যে বিগত ১৯ মাহ ধৰি মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। গতিক দেশৰ নাগৰিক হিচাপে ৰাজ্যৰ ন্যায়ৰ দাবী কৰাৰ অধিকাৰ তেওঁৰ ওচৰত আছে।
ইফালে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ বিৰোধীয়ে ধাৰাবাহিকভাৱে বিজেপিক লক্ষ্য কৰি লৈছে। কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ ভ্ৰমণ নকৰাক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন কৰিছে।
আনহাতে সাংসদ আলফ্ৰেড কে এছ আৰ্থাৰে পুনৰবাৰ লোকসভাত প্ৰধানমন্ত্ৰী মণিপুৰত উপস্থিত নোহোৱাৰ কথা উল্লেখ কৰে।তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আমাৰ দেশৰ মুৰব্বী ইমানেই দুৰ্বল নেকি যে মণিপুৰৰ জনসাধাৰণৰ জীৱন-সম্পত্তিয়েই সুৰক্ষিত কৰিব নোৱাৰে।