পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। খবৰ অনুসৰি মেইটেই নেতাক গ্ৰেপ্তাৰৰ পিছতেই ৰাজ্যখনৰ কেইবাটাও অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লখ্য ৰাখি মণিপুৰৰ পাঁচখন জিলাত ইণ্টাৰনেট সেৱা পাঁচদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে।
ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া জিলা কেইখন হৈছে পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ। এই জিলা কেইখনত একাধিক লোক সমবেত হোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
উল্লেখ্য যে, ৰাজ্যত বৃদ্ধি পোৱা উত্তেজনা আৰু উৰাবাতৰিৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। একাংশ লোকে ছ’চিয়েল মিডিয়াত উচটনিমূলক বাৰ্তা আৰু ভুৱা খবৰ প্ৰচাৰ কৰি পৰিৱেশ বিনষ্ট কৰিব পাৰে বুলি আশংকা কৰিছে চৰকাৰে।
চৰকাৰী আদেশত কোৱা হৈছে যে ইয়াৰ ফলত মানুহৰ জীৱন বিপন্ন হ’ব পাৰে, সম্পত্তিৰ ক্ষতি হ’ব পাৰে আৰু সাম্প্ৰদায়িক উত্তেজনা বিয়পিব পাৰে। সেয়ে নিশা ১১:৪৫ বজাৰ পৰা বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া এপ, ভিপিএন, ডংগল আদি সেৱা।