পেৰিছ অলিম্পিকৰ পৰা ভাৰতৰ বাবে আহিছে এটা ভাল খবৰ। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ।
কোৱালিফায়িং ৰাউণ্ডত মনুৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই তৃতীয় স্থানত থাকি ফাইনেলত প্ৰৱেশ কৰে।
উল্লেখ্য যে, শীৰ্ষ ৮ ৰ ভিতৰত থকা শ্বুটাৰ কেইগৰাকীয়ে ফাইনেলত স্থান লাভ কৰে। মুঠ ৫৮০ পইণ্টেৰে তৃতীয় স্থান দখল কৰি মনুৱে ফাইনেলত প্ৰৱেশ কৰে।
তাৰকা ভাৰতীয় শ্বুটাৰ মনু ভাকৰৰ পৰা স্বৰ্ণ পদক লাভৰ আশা কৰিছে দেশে। শনিবাৰে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত তেওঁ এদিনৰ জিৰণি লাভ কৰিব। দেওবাৰে বিয়লি ৩.৩০ বজাত পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব মনুৱে।