কেৰালাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভূমিখস্খলনত শেহতীয়া তথ্য অনুসৰি ৫০ গৰাকী লোকৰ মৃত্যু হৈছে। ইফালে, ঘটনাত আহত হৈছে প্ৰায় শতাধিক লোক।
৩০ জুলাইৰ ৰাতিপুৱা মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনত ৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ৱায়ানাডত হোৱা ভূমিস্খলনত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।
কেৰালাৰ মুণ্ডাক্কাই, চোৰেলমালা, আত্তামালা আৰু নুলপুঝা অঞ্চলত পৰিস্থিতি ভয়াবহৰ ফালে গতি কৰিছে। বিশাল শিলবোৰ পাহাৰৰ পৰা তললৈ নামি আহিছে। ইফালে, ধাৰাষাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা আহি পৰিছে বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী দলে। ঘটনাস্থলীত নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, এই শোকাবহ ঘটনাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শোকপ্ৰকাশ কৰিছে আৰু সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।