প্ৰচণ্ড গৰমত আপুনি মেঘালয় ভ্ৰমণ কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে বাতিল কৰক আপোনাৰ পৰিকল্পনা। মেঘালয়ৰ চালক সন্থাৰ তীব্ৰ প্ৰতিবাদত বৰ্তমান মেঘালয়ত আৱদ্ধ হৈ আছে বিভিন্ন ৰাজ্যৰ পৰ্যটক।
বাহনৰ ভিতৰতে কেইবাঘন্টা ধৰি বহিব লগা হৈছে পৰ্যটক। চালকৰ প্ৰতিবাদত বৰ্তমান জীয়াতু ভুগিব লগা হৈছে পৰ্যটকসকল।
উল্লেখ্য যে, খাচী টেক্সি চালকে ৰাখিছে কেইবাটাও চৰ্ত। টেক্সি চালকৰ দাবী অনুসৰি, স্থানীয় বাণিজ্যিক টেক্সিত পৰ্যটকে ঘুৰিব লাগিব মেঘালয়। এই দাবী মানি নল’লে প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তুলিব চালকসকলে।
ইফালে, চালকৰ এই প্ৰতিবাদৰ পিছতে মেঘালয়ৰ পৰ্যটক উদ্যোগ লোকচানৰ সন্মুখীন হৈছে। শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হৈছে। একেদৰে, শনিবাৰৰ দিনটোত মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং বাতিলৰ সম্ভাৱনা আছে।
আনহাতে, প্ৰতিবাদী চালকসকলে অসমৰ লগতে আন ৰাজ্যৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰিছে। লগতে, অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।