বহুজন সমাজ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভতিজা আকাশ আনন্দক ৰাষ্ট্ৰীয় সমন্বয়কৰ পদৰ পৰা অপসাৰণ কৰিছে। আকাশৰ ঠাইত আনন্দ কুমাৰক ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিছে মায়াৱতীয়ে।
ইফালে মায়াৱতীয়ে ৰাজ্যসভাৰ সাংসদ ৰামজী গৌতমৰ দায়িত্ব বৃদ্ধি কৰি তেওঁকো ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিয়ে।
উল্লেখ্য যে, শেহতীয়াকৈ মায়াৱতীয়ে আকাশ আনন্দৰ শহুৰেক অশোক সিদ্ধাৰ্থকো পদৰ পৰা অপসাৰণ কৰিছিল।
ইফালে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে এখন বৈঠকৰ সময়ত তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি কৈছিল যে মোৰ অন্তিম উশাহলৈকে কোনো উত্তৰাধিকাৰী নাথাকিব।
বিএছপিয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত মায়াৱতীৰ উদ্ধৃতিৰে কোৱা হৈছে, ‘কেৱল এইটোৱেই নহয়, মই নিজেও এতিয়া সিদ্ধান্ত লৈছো যে মই জীয়াই থকালৈকে বা শেষ উশাহলৈকে মোৰ কোনো উত্তৰাধিকাৰী নাথাকিব। যি সিদ্ধান্তক দলৰ নেতা-কৰ্মীসকলে আন্তৰিকতাৰে আদৰণি জনাইছিল।’
প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছিল যে বিএছপিৰ মুৰব্বীগৰাকীয়ে আজি পুনৰ সেই মন্তব্য দোহাৰি কয় যে মোৰ বাবে দল আৰু মুভমেণ্ট প্ৰথম। ভাই-ভনী, তেওঁলোকৰ সন্তান আৰু অন্যান্য আত্মীয় ইত্যাদি সকলো পিছত। এই সন্দৰ্ভতে তেওঁ দলীয় নেতা-কৰ্মীসকলক আশ্বাস দিয়ে যে যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে শেষ উশাহলৈকে মোৰ সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে দলটোক আগুৱাই নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।












