পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক বিবৃতিৰ জৰিয়তে ভাৰতৰ সৈতে সন্ত্ৰাসবাদ বিৰোধী বিষয়ক লৈ আলোচনা কৰিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক প্ৰত্যুত্তৰ প্ৰদান কৰিছে।
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৃহস্পতিবাৰে কয় যে পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্কৰ ক্ষেত্ৰত আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট।
তেওঁ কয়, ‘যিকোনো সম্পৰ্ক দ্বিপাক্ষিক হ’ব লাগে। আমি এইটোও পুনৰ ক’ব বিচাৰো যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে হ’ব নোৱাৰে।’
জয়ছৱালে লগতে কয়, ‘পাকিস্তানে সকলো কুখ্যাত সন্ত্ৰাসবাদীক ভাৰতক গতাই দিব লাগিব, যাৰ ৰেকৰ্ড আৰু তালিকা আমি কেইবছৰমান পূৰ্বে তেওঁলোকক দিছিলো। ইয়াৰ উপৰি জম্মু-কাশ্মীৰ সম্পৰ্কীয় আলোচনা তেতিয়াহে হ’ব যেতিয়া পাকিস্তান অধীকৃত কাশ্মীৰ সম্পূৰ্ণৰূপে খালী হ’ব আৰু পাকিস্তানে এই অঞ্চল আমাক গতাই দিব।’
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে এইটো কথাও স্পষ্ট কৰি দিয়ে যে দুয়োপক্ষৰ পৰা গুলীচালনা বন্ধ কৰাৰ সিদ্ধান্ত ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (ডিজিএমঅ’)ৰ মাজত হোৱা আলোচনাৰ জৰিয়তে লোৱা হৈছে।