চীনত নতুন ভাবুকি হৈ পৰিছে হিউমেন মেটানিউমোভাইৰাছ। এই ভাইৰাছক এক প্ৰকাৰ ক’ভিড বুলিয়েই অভিহিত কৰা হৈছে।
একাংশ বাতৰিত দাবী কৰা হৈছে যে, ক’ৰোনা ভাইৰাছৰ বাবে চীনত জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চীন চিডিচিৰ মতে হিউমেন মেটানিউমোভাইৰাছৰ লক্ষণৰ ক’ৰোনাৰ সৈতে প্ৰায় মিল আছে।
এই ভাইৰাছৰ দ্বাৰা বৃহৎ সংখ্যক শিশু সংক্ৰমিত হৈছে। এই ভাইৰাছে কিছুমান শিশুৰ দেহত নিউমোনিয়াৰো সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰয়োজন হ’ব পাৰে। ইফালে ডাঙৰ প্ৰশ্নটো হ’ল হিউমেন মেটানিউমোভাইৰাছে শিশুসকলক কিয় অধিক প্ৰভাৱিত কৰিছে। এই বিষয়ে জানি লও আহক-
হিউমেন মেটানিউমোভাইৰাছ (HMPV) হৈছে এনে এবিধ ভাইৰাছ যাৰ লক্ষণ কাহ আৰু চৰ্দিৰ দৰে। কিন্তু এই ভাইৰাছে কেতিয়াবা নিউমোনিয়াৰ সৃষ্টি কৰে। কিছুমান ক্ষেত্ৰত শিশুৰ সাধাৰণ ৰোগ আৰ এছ ভি সংক্ৰমণৰ সৈতে একে। আৰ এছ ভিয়েও শিশুক অধিক সংক্ৰমিত কৰে। ইয়াৰ ফলত ব্ৰংকিঅ’লাইটিছ হ’ব পাৰে। যাৰ বাবে সৰু ল’ৰা-ছোৱালীয়ে উশাহ লোৱাত অসুবিধা পাব পাৰে। কিছুমান ক্ষেত্ৰত হাওঁফাওঁত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে, যদিও কিছুমান শিশুৰ ক্ষেত্ৰতহে এনেকুৱা হয়। এই ভাইৰাছ সকলো শিশুৰ বাবে মাৰাত্মক নহয়।
ইফালে এইমছৰ শিশু চিকিৎসা বিভাগৰ ডাঃ ৰাকেশ কুমাৰে কৈছে যে, এই ভাইৰাছ অধিকাংশ ৫ বছৰৰ তলৰ শিশুৰ দেহত ধৰা পৰে। সৰু ল’ৰা-ছোৱালীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে বিকশিত নহয়, যাৰ বাবে ইহঁতৰ যিকোনো ধৰণৰ সংক্ৰমণৰ আশংকা বেছি। যিহেতু এইচ এম পি ভি এবিধ শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ, গতিকে ই বতাহৰ জৰিয়তে শিশুৰ হাওঁফাওঁত প্ৰৱেশ কৰি সহজে সংক্ৰমিত কৰে।
সৰু ল’ৰা-ছোৱালীৰ হাওঁফাওঁৰ সংক্ৰমণ সহজেই হয় আৰু তেওঁলোকৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে। যিহেতু হিউমেন মেটানিউমোভাইৰাছে বহু পৰিমাণে আৰ এছ ভি আৰু ক’ৰোনাৰ দৰে লক্ষণৰ সৃষ্টি কৰে, গতিকে শিশুৱে ইয়াৰ দ্বাৰা সহজে সংক্ৰমিত হ’ব পাৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে শিশু কেইদিনমানৰ ভিতৰতে সুস্থ হৈ উঠে।
ডাঃ ৰাকেশে কয় যে যিসকল শিশুৰ ইতিমধ্যে হাঁপানী বা ব্ৰংকাইটিছৰ দৰে ৰোগ আছে, তেওঁলোকৰ এই ভাইৰাছৰ আশংকা থাকে। এনে পৰিস্থিতিত এই শিশুসকল সহজে সংক্ৰমিত হয়।
শিশুৰ যত্ন কেনেকৈ লব-
শিশুসকলক নিয়মিতভাৱে হাত পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিব লাগিব
আপোনাৰ শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত
সংক্ৰমিত অঞ্চললৈ যাতায়তৰ পৰা বিৰত থকা উচিত
নিজৰ খাদ্যৰ যত্ন লোৱা উচিত