ৰাজ্যত নিতৌ বৃদ্ধি পাইছে সাধাৰণ লোকে ব্যৱহৃত সামগ্ৰীৰ দাম। আলু-পিয়াঁজ, শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।
তাৰ মাজতে পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধালে পূৰবী ডায়েৰীয়ে। কিয়নো সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিলে গাখীৰৰ দাম। গাখীৰৰ লগতে অন্য সামগ্ৰীৰ দামো বৃদ্ধি কৰিলে পূৰবী ডায়েৰীয়ে।
৫০০ মিলি লিটাৰৰ পূৰবী স্মাৰ্ট প্লাছ গাখীৰ মূল্য পূৰ্বতে আছিল ৩২ টকা। এতিয়াৰে পৰাই ৫০০ মিলি লিটাৰৰ দাম হ’ব ৩৩ টকা। একেদৰে, ৫০০ মিলি লিটাৰৰ পূৰবী ষ্টেডাৰ্ড গাখীৰ মূল্য ৩৩ টকাৰ পৰিৱৰ্তে ৩৪ টকালৈ বৃদ্ধি।
৫০০ মিলি লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৩৬ টকাৰ পৰিৱৰ্তে ৩৭ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৬৪ টকাৰ পৰিৱৰ্তে ৬৬ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৭২ টকালৈ বৃদ্ধি।