• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

Nation NE by Nation NE
May 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাটৰ মাজতে ভাৰত চৰকাৰে সমগ্ৰ দেশৰ ২৪৪ খন চিনাক্তকৃত নাগৰিক প্ৰতিৰক্ষা জিলাত ৭ মে’ত এক বৃহৎ মক ড্ৰিলৰ আয়োজন কৰিবলৈ ওলাইছে। ইয়াৰ উদ্দেশ্য হৈছে যুদ্ধসদৃশ পৰিস্থিতি, যেনে ক্ষেপণাস্ত্ৰ আক্ৰমণ বা বিমান আক্ৰমণৰ সময়ত সাধাৰণ জনতাই কিমান ক্ষীপ্ৰ আৰু ফলপ্ৰসূভাৱে সঁহাৰি জনাব পাৰে সেইটো পৰীক্ষা কৰা।

মক ড্ৰিলত বাস্তৱ জীৱনৰ পৰিস্থিতিৰ অনুকৰণ কৰা হ’ব, য’ত বিমান আক্ৰমণৰ ছাইৰেন বাজিব, চহৰত বিদ্যুৎ বিচ্ছিন্ন হ’ব আৰু জৰুৰীকালীন সেৱাই দ্ৰুতভাৱে সঁহাৰি জনাব।লগতে উচ্চ বিপদজনক অঞ্চলৰ পৰা নিৰাপদ অঞ্চললৈ খালী কৰাৰ অনুশীলন চলোৱা হ’ব যাতে বাস্তৱ পৰিস্থিতিত উদ্ভৱ হ’ব পৰা বাধাসমূহ চিনাক্ত কৰিব পৰা যায়।

এই অনুশীলনৰ উদ্দেশ্য হৈছে আতংক পৰিহাৰ কৰা, বিশৃংখলতা হ্ৰাস কৰা আৰু জীৱন ৰক্ষা কৰা।

যদিও এনে প্ৰস্তুতিয়ে শীতল যুদ্ধৰ যুগৰ কথা মনত পেলাই দিয়ে, তথাপিও বৰ্তমান বিশ্বব্যাপী উত্তেজনাই পুনৰবাৰ ইয়াক গুৰুত্বপূৰ্ণ কৰি তুলিছে। ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আখৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২ মে’ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰিছিল।

স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা ৱাৰ্ডেন, হোমগাৰ্ড, নেচনেল কেডেট কৰ্পছ (এনচিচি), নেচনেল চাৰ্ভিচ স্কিম (এনএছএছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ) আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে এই মক ড্ৰিলত অংশগ্ৰহণ কৰিব।

এনে প্ৰস্তুতিয়ে ইংগিত দিয়ে যে ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সামৰিক বাহিনীৰ দায়িত্ব নহয়। সাধাৰণ নাগৰিকে যেতিয়া কি কৰিব লাগে, কেনেকৈ সংযম বজাই ৰাখিব লাগে সেই কথা জানে তেতিয়াহে সমগ্ৰ জাতিটোৰ শক্তি বাঢ়ি যায়। এয়া কেৱল আক্ৰমণৰ পিছৰ প্ৰতিক্ৰিয়া নহয়, আক্ৰমণৰ পূৰ্বে হোৱা সজাগতাৰ অংশ।

ড্ৰিলৰ মূল কাৰ্য্যকলাপ

স্পৰ্শকাতৰ অঞ্চল আৰু প্ৰতিষ্ঠানত ছাইৰেন পৰীক্ষা কৰা হ’ব যাতে কোনো আক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ জনতাক সতৰ্ক কৰি দিব পৰা যায়। বিদ্যালয়, কাৰ্যালয় আৰু কমিউনিটি চেণ্টাৰত কৰ্মশালা অনুষ্ঠিত কৰি মানুহক ড্ৰপ-এণ্ড-কভাৰ, ওচৰৰ আশ্ৰয় শিবিৰৰ স্থান নিৰ্ণয়, প্ৰাথমিক চিকিৎসা আৰু মানসিক ব্যৱস্থাপনাৰ বিষয়ে শিকোৱা হ’ব।

ইয়াৰ বাহিৰেও হঠাতে বিদ্যুৎ বন্ধ কৰি দিয়া হ’ব যাতে ৰাতি বিমান আক্ৰমণ হ’লে চহৰখন শত্ৰুৰ চকুৰ পৰা লুকুৱাই ৰাখিব পৰা যায়। এই কৌশলটো শেষবাৰৰ বাবে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল।

এই অনুশীলন কোনো নিৰ্দিষ্ট ঘটনাৰ সৈতে জড়িত নহয় যদিও ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰৰ নিৰাপত্তা প্ৰস্তুতিৰ অংশ।এই আক্ৰমণত ২৬ জন ভাৰতীয় পৰ্যটকে নিজৰ প্ৰাণ হেৰুৱায়, আৰু ইয়াৰ আঁৰত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন আছে বুলি কোৱা হৈছে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰি কয় যে ভাৰতে ষড়যন্ত্ৰকাৰীসকলক তেওঁলোকে কেতিয়াও কল্পনাও নকৰা শাস্তি দিব। ইয়াৰ পূৰ্বেও ২০২২ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ‘চিন্তন শিবীৰ’ত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নাগৰিক প্ৰতিৰক্ষা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

Tags: IndiakashmirmockdrillPakistan

Related Posts

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা
Top News

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025