বহু চৰ্চিত প্ৰসংগ এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত আজি মোদী কেবিনেটে অনুমোদন জনাইছে। ৰামনাথ কোবিন্দৰ প্ৰতিবেদনত মন্ত্ৰীসভাই অনুমোদন জনায়। এই অনুমোদনৰ লগে লগে এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ পথ প্ৰসস্ত হৈ পৰিল।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে সংবাদমেলযোগে চৰকাৰৰ সাফল্যৰ তালিকা প্ৰকাশ কৰিছিল।
এই সময়ছোৱাতো কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এটা ডাঙৰ ঘোষণা কৰি কয় যে এই কাৰ্যকালত আমি এক দেশ, এক নিৰ্বাচন কাৰ্যকৰী কৰিম। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ইস্তাহাৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
শেহতীয়াকৈ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়েও ভাষণত এক দেশ এক নিৰ্বাচনৰ কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছিল যিয়ে নিজৰ প্ৰতিবেদন দিছে। এই কাৰ্যকালত এক দেশ এক নিৰ্বাচন হ’ব।