No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ৰাজধানী দিল্লীত মাজনিশা ফেইজ-এ-এলাহি মছজিদৰ সমীপত বৃহৎ উচ্ছেদ। ৬ জানুৱাবীৰ মাজনিশা ৩০খন বুলড’জাৰেৰে চলিল এই উচ্ছেদ।মছজিদৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰা সম্পত্তি খহাই দিয়ে প্ৰশাসনে। উচ্ছেদক বাধা দিবলৈ মাজনিশা একাংশই সৃষ্টি কৰে তীব্ৰ উত্তেজনাৰ। আনহাতে আৰক্ষীলৈ লক্ষ্য কৰি একাংশ লোকে শিলাবৰ্ষণো কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ।
- ৪ জানুৱাৰীত নেপালৰ পাৰ্ছাৰ বীৰগঞ্জত হিংসাত্মক সংঘৰ্ষ সংঘটিত হয়। এটা মছজিদ ভাঙি তচনচ কৰাৰ অভিযোগৰ পিছতে দুটা সম্প্ৰদায়ৰ মাজত উত্তেজনা সৃষ্টি হয়। বীৰগঞ্জত সম্প্ৰতি প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন। বীৰগঞ্জত সৃষ্টি হোৱা অশান্তিৰ বাবে ভাৰতৰ সীমান্ততো সতৰ্কতা জাৰি কৰা হৈছে। ২০২৫ চনত জেন-জি আন্দোলনৰ সময়ত হোৱা অভ্যুত্থানৰ পিছত নেপালত ২০২৬ চনৰ ৫ মাৰ্চত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ হ’বলৈ গৈ আছে। শেহতীয়াকৈ নেপালত সাম্প্ৰদায়িক ঘটনাও সংঘটিত হৈছে। শনিবাৰে উজনি ধনুষা জিলাত এটা মছজিদ ভাঙি লণ্ডভণ্ড কৰা হয়। ইয়াৰ পিছতে নেপালৰ পাৰ্ছা জিলাৰ স্থানীয় প্ৰশাসনে ভাৰতৰ ৰক্সাউল সীমান্তৰ সীমান্তৱৰ্তী বীৰগঞ্জৰ কিছু অংশত ৫ জানুৱাৰীত সান্ধ্য আইন জাৰি কৰে।
- ৬ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে। তেওঁ নিজৰ সামাজিক মাধ্যমত উল্লেখ কৰে যে, ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫ কোটি বেৰেল উচ্চমানৰ তেল বিক্ৰী কৰিব। ট্ৰাম্পৰ মতে এই তেল বজাৰ মূল্যত আমেৰিকাত উপলব্ধ হ’ব। ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁ তেল বিক্ৰীৰ পৰা পোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু এই ধন দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব। তেওঁ লগতে কয় যে তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। ষ্ট’ৰেজ জাহাজৰ জৰিয়তে পোনপটীয়াকৈ আমেৰিকাৰ আনলোডিং ডক আৰু বন্দৰলৈ তেল পৰিবহণ কৰা হ’ব।
- ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ বাবে প্ৰায় সংখ্যক দেশেই চিন্তিত হৈ পৰিছে। পৃথিৱীৰ বহুকেইখন দেশেই আমেৰিকাৰ এই পদক্ষেপক সমালোচনা কৰিছে।ইফালে এই সন্দৰ্ভত ভাৰতে সংযত আৰু সতৰ্ক মন্তব্য কৰিছে। ভাৰতৰ এই অৱস্থিতি পৃথিৱীৰ অন্য দেশৰ তুলনাত সম্পূৰ্ণ বিপৰীত যেন পৰিলক্ষিত হৈছে। আচলতে ভাৰতে মাত্ৰ ৫টা বাক্যতে এই বিষয়টোক লৈ এক সংক্ষিপ্ত মন্তব্য কৰে। এই মন্তব্যই আমেৰিকাৰ এক অপ্ৰত্যাশিত ৰাষ্ট্ৰপতিৰ সৈতে মোকাবিলা কৰাৰ সময়ত ভাৰতৰ কূটনৈতিক বাধ্যবাধকতাক স্পষ্টভাৱে উদঙাই দিছে।
No Result
View All Result