No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- সোমবাৰে সন্ধিয়া সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে উত্তপ্ত হৈ পৰে কোকৰাঝাৰৰ পৰিস্থিতি। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে। যাৰ বাবে এই পৰিস্থিতিৰ অধিক অৱনতি ঘটে। গণপ্ৰহাৰত ২ জনকৈ লোকৰ প্ৰাণহানি হয়। লগতে আহত হয় বহুকেইজন লোক। উত্তেজিত লোকে স্কৰপিঅ’ বাহন এখনত অগ্নিসমযোগ কৰে। অতি নিৰ্মমভাৱে হত্যা কৰা হয় ২ জন লোকক। এই ঘটনা সন্দৰ্ভত ১৮ জনকৈ লোকক আটক কৰা হয়।
- কোকৰাঝাৰৰ কাণ্ডক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে বিটিচি প্ৰধান হামাগ্ৰা মহিলাৰীয়ে। আইন শৃংখলা পৰিস্থিতি ৰক্ষাৰ বাবে স্বাৰ্থত কোকৰাঝাৰ, চিৰাঙত বন্ধ কৰা হয় ইণ্টাৰনেট সেৱা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কোকৰাঝাৰৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট দিয়ে। কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা বাহিনী মোতায়েন কৰা হয় লগতে ৰেপিড এক্সন ফৰ্চ গঠন কৰা হয়।
- ১১ ফেব্ৰুৱাৰীত বিতৰণ কৰা হ’ব ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ৰ ধন। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব ৪০,০০০ টকা। লগতে গৱেষক শিক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰে ২৫,০০০ টকাও আগবঢ়াব।
- অবৈধ প্ৰব্ৰজন সকলো দেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। বহু দেশত ই এক ৰাজনৈতিক বিষয়ো হৈ পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিদেশলৈ ভাৰতীয়ৰ অবৈধ প্ৰব্ৰজনৰ ঘটনা বাঢ়িছে। বিগত ৫ বছৰৰ ভিতৰত ৮১খন দেশৰ পৰা এক লাখৰো অধিক ভাৰতীয়ক বিতাড়িত কৰা হৈছে। এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৰ্তমান গড়ে প্ৰতি বছৰে ২৫ হাজাৰ ভাৰতীয়ক বিতাড়িত কৰা হৈছে। আনহাতে, পাঁচ বছৰ আগলৈকে এই সংখ্যা আছিল ১৪-১৫ হাজাৰৰ ভিতৰত।
- ভাৰত-বাংলাদেশৰ সম্পৰ্কত চলি থকা উত্তেজনাৰ মাজতে এক উল্লেখযোগ্য উন্নয়ন ঘটিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেনক ভাৰতৰ কৌশলগত চিলিগুৰি কৰিডৰৰ অতি ওচৰত অৱস্থিত তীষ্টা নদী প্ৰকল্প এলেকাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে, যাক “চিকেনছ নেক” বুলিও কোৱা হয়। ২২ কিলোমিটাৰ বহল এই সংকীৰ্ণ ভূখণ্ডই মূল ভাৰতক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে সংযোগ কৰে।চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেনে সোমবাৰে ৰংপুৰ জিলাৰ কৌনিয়া মহকুমাৰ তীস্তা নদীৰ খহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ লগত বাংলাদেশৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন উপদেষ্টা চৈয়দা ৰিজৱানা হাছান উপস্থিত থাকে। মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে চীনৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই ভ্ৰমণ তীস্তা নদীৰ সৰ্বাংগীন ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ (টিএমপি) চলি থকা কাৰিকৰী মূল্যায়নৰ সৈতে জড়িত।
No Result
View All Result