No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ শুনানি।কামৰূপ মহানগৰৰ জিলা ছেচন আদালতত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ শুনানি। শ্যামকানু মহন্ত, অমৃতপ্ৰভা, সন্দীপন আৰু ২ দেহৰক্ষীয়ে জামিনৰ বাবে কৰিছল আবেদন। জিয়াউল কামাৰৰ নেতৃত্বত ৫ জনীয়া বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তৰ জামিনৰ বিৰোধিতাৰে আবেদন দাখিলৰ সম্ভাৱনা আছে। বৰ্তমানলৈ ৫ অভিযুক্তই জামিনৰ বাবে আবেদন কৰিছে। এই জামিন আবেদনসমূহৰ ওপৰতে আজি আদালতে শুনানি গ্ৰহণ কৰিব। অৱশ্যে এই পৰ্যন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে জামিন আবেদন দাখিল কৰা নাই
- আজি ভোটাৰ তালিকাৰ সংশোধনৰ অন্তিম তাৰিখ। আজিৰ ভিতৰত ভোটাৰসকলে এই বিশেষ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব পাৰে ভোটৰৰ নাম। ২২ জানুৱাৰীৰ ভিতৰত ভোটাৰ তালিকাক লৈ অভিযোগ দিব পাৰিব ভোটাৰে। তথ্যৰ অন্তৰ্ভুক্তি, উন্নীতকৰণ তথা সংশোধনৰ বাবে ভোটাৰ প্ৰ-পত্ৰ ৬,৭ আৰু ৮-ৰ জৰিয়তে আবেদন কৰিব পাৰিব। ২ ফেব্ৰুৱাৰী হৈছে দাবী আৰু আপত্তি নিষ্পত্তিৰ অন্তিম সময়সীমা। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ৬ লাখ অভিযোগ-আপত্তি নিষ্পত্তি কৰিছে নিৰ্বাচন আয়োগে।
- মহানগৰীৰ গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৪ জনৰ ভিতৰত ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ এই ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ২০ জানুৱাৰীত মহানগৰীৰ গণেশপাৰাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত সংঘটিত হৈছিল এই শিহৰণকাৰী কাণ্ড। মূল অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত
- এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানৰ দিৰিয়ালত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তীব্ৰবেগী টেংকাৰৰ খুন্দাত নিহত মনোজ শ্বাহ নামৰ এজন বাইক আৰোহী। ইয়াৰ পিছতে মৃতদেহ লৈ দুলীয়াজান-ডিব্ৰুগড় সংযোগী গড়কাপ্তানী পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে ৰাইজে। দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰো ক্ষতিসাধন ক্ষুব্ধ ৰাইজৰ।
- আজিৰে পৰা জাগীৰোডত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা আৰম্ভ। ২২ ৰ পৰা ২৪ জানুৱাৰীলৈ ৩ দিনীয়া কাৰ্যসূচীৰে জোনবিলৰ পাৰত এই ঐতিহাসিক মেলা। বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। জোনবিল মেলাত চলিব কুকুৰা যুঁজ, সমূহীয়া মৎস চিকাৰ
No Result
View All Result