No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সভাত ৪টা প্ৰকল্পৰ আধাৰশিলাৰ লগতে ১টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ উপস্থিত থাকিব ধেমাজিৰ মিচিং যুৱ মহোৎসৱত। ইয়াৰ পিছতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৪ বজাত উপস্থিত হ’ব বাজপেয়ী ভৱনত। বাজপেয়ী ভৱনত কৰ্ণধাৰ সমিতিৰ বৈঠকত ভাগ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে।
- আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি। ৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।অমৃতপ্ৰভা আৰু ২ দেহৰক্ষীৰ জামিনক লৈ হ’ব শুনানি। নিলম্বিত দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ ৰায় দিব আদালতে। ইফালে এই ৩ অভিযুক্তৰ জামিন নাকচ কৰিবলৈ আদালতত আৱেদন কৰে SIT য়ে। লগতে সিদ্ধাৰ্থৰ ফ্লেট জব্দ কৰিবলৈও আদালতত আৱেদন SIT-ৰ। আকৌ শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনে প্ৰত্যাহাৰ কৰিছে জামিন আৱেদন।
- ২৮ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৩ জনীয়া এটা দল গঠন কৰিছে। মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ডিজিচিএৰ মুম্বাই কাৰ্যালয়ৰ তিনিজনীয়া দলৰ সৈতে এএআইবিৰ দলটোৱে সেইদিনা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে। এএআইবিৰ সঞ্চালক প্ৰধানেও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই দুৰ্ঘটনাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি আন চাৰিজন লোকৰ প্ৰাণ কাঢ়ি নিলে।
- বিমান পৰিবহণ খণ্ডত এক বৃহৎ আৰু আগ্ৰাসী পদক্ষেপৰ কথা ঘোষণা কৰি পুনৰবাৰ কানাডাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্ৰাম্পে কানাডাক আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী গালফষ্ট্ৰিমৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি দুয়োখন দেশৰ মাজত অধিক বাণিজ্যিক উত্তেজনাৰ আশংকা সৃষ্টি কৰিছে।
No Result
View All Result