সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বৰাকত আজি চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। হাইলাকান্দিৰ ঘাৰমুড়া সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত এই উচ্ছেদ। দামচৰাৰ ৫২২ টাকৈ পৰিয়ালত চলিছে উচ্ছেদ। ৩৫ খন এক্সকেভেটৰেৰে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ। মোতায়েন কৰা হৈছে ১৫০০ৰো অধিক নিৰাপত্তাৰক্ষী। উচ্ছেদস্থলীত সষ্টম ২ শতাধিক বন বিভাগৰ কৰ্মী।
বাংলাদেশী মিঞাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱমঞ্চ। সংগঠনটোৱে ‘মিঞা খেদক অসম বচাওক’, ‘মিঞাক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক’, ‘থলুৱাক নিয়ুক্তি দি মিঞা খেদক’, ‘জাগিলে অসম বাচিব দেশ, নহ’লে হ’ব বাংলাদেশ’ আদি শ্ল’গানেৰে বেনাৰ উলিয়াই ৰাষ্ট্ৰীীয় ঘাইপথৰ কাষত আঁৰি দিয়ে। আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিঞাৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ কৰাৰ লগতে মিঞাৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যাব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।
পুনৰ যুদ্ধবিৰতি উলংঘা ইজৰাইলৰ। গাজাৰ পিছত লেবাননৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ইজৰাইলৰ আ*মণত হাহাকাৰ লেবাননত। ছিৰিয়া, ইৰাক, ইৰাণ, কাটাৰকে ধৰি বহু দেশত আকাশমাৰ্গেৰে আক্ৰমণ নেতান্যাহুৰ। ইজৰাইলৰ ভীষণ বোমাবৰ্ষণ কৰিছে লেবাননৰ ওপৰত। এই আ*মণত হিজবুল্লাহৰ অভিযান্ত্ৰিক বিভাগৰ এটা শাখাৰ মুৰব্বী আলী দাউদ আমিচৰ মৃত্যুৰ দাবী কৰিছে ইজৰাইলে।









